পুৰুষ
প্ৰতিজন পুৰুষৰে থাকে বলে নোৱাৰা কিছু দুখ ।
থাকে কিছু হৃদয়ৰ অসুখ ।
যাৰ বাবে কেতিয়াবা জীৱনতকৈ
মদ ভাল পাই পেলাই তেওঁলোকে ।
সেয়া তেওঁলোকে নিচা নাখায় ।
নিজকে পাহৰাই
দুখ বোৰ গিলি পেলাই ।
(তেওঁলোক পলায়ন বাদী )
তেনেকৈ আৰু কিছুমান পুৰুষৰ থাকে কিছু দুখ,
থাকে বহুতো মনৰ অসুখ ।
তথাপি ভাগি নপৰে
সেইবোৰ তেওঁলোকে গুপুতেই ৰাখি থব খোজে ।
আনৰ সহানুভূতি বিচাৰি ভাল নোপোৱা সেইচাম পুৰুষে
জীৱনটো অকলেই যুঁজে ।
কামেৰে সংগ্ৰামেৰে
জীৱনৰ অৰ্থ বুজে ।
(এই ধৰক আমাৰ দেউতা...! )
পুৰুষ বোৰ যথেষ্ট শক্তিশালী ,
তথাপি তেওঁলোক দুৰ্বল
নাৰীৰ ওচৰত ।
পুৰুষ বোৰ যথেষ্ট কঠোৰ ,
তথাপি তেওঁলোক সংবেদনশীল
চকুলোবোৰৰ ওচৰত ।
কথা এটা জানে এই সৃষ্টিৰ আঁৰত মহিলাৰ লগতে পুৰুষৰো সমানেই হাত আছে ।
কৰবাত পঢ়িছিলো
"আমাৰ বৰ্তমান এই সভ্যতা সংস্কৃতিৰ বিকাশ ঘটিছিল কেৱল মাত্ৰ পুৰুষে নাৰীৰ মনোযোগ আকৰ্ষণ কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবেই । "
প্ৰাণজিৎ বৰুৱা
১৫জুলাই ২০১৬
No comments :
Post a Comment