Friday, December 23, 2016

ভাল কামবোৰ কৰি যোৱা ,

ভাল কামবোৰ কৰি যোৱা ,
আনে সন্মান কৰক নকৰক কোনো কথা নাই,
মনত ৰাখিবা সূৰ্য তেতিয়াও উদয় হয় ,
যেতিয়া হাজাৰ মানুহ শোৱা পাটিতেই থাকে ।

কোৱা হয় ফুল বেছা মানুহৰ দুহাততো সুগন্ধি লাগি থাকে ,
তেনেকৈ ভাল কাম কৰা মানুহবোৰ সদায়েই জিলিকি থাকে ।

আপুনি আপোনাক  বেয়া পোৱা মানুহ বোৰক হিচাপ কৰি সময় নষ্ট কিয় কৰে ,
জানে এই জীৱনটো বহুত ছুটি ,
অনৰ্থক কথাবোৰ চিন্তা কৰি সময় শেষ কৰাটোৱে  আপোনাৰ মুৰ্খামিৰ হে পৰিচয় দিয়ে ।

কোনোবাই আপোনাক বেয়াকৈ কলে তাক বেয়া পায় নাথাকিব ,
পাৰিলে আপোনাক বেয়াকৈ কিয় কলে তাৰ হে পৰ্যালোচনা কৰক ।

আপোনাক গালি পাৰি থকা মানুহজনক যেতিয়ালৈকে আপুনি প্ৰত্যাক্ৰমণ নকৰে কথাৰে,
তেতিয়ালৈকে আপোনাৰ হৈ উত্তৰ বোৰ ভগৱানে দি থাকে ।

কোনোবাই যদি আপোনাক উপলুঙা কৰি তেওঁ খোৱা চকলেটৰ বাকলি টো দিয়ে,
আপুনি হাঁহি মুখেৰে তেওঁক এটা নতুন চকলেট উপহাৰ দিয়ক ।
এবাৰ কৰি চাওক
তেওঁৰ যদি আত্ম সন্মান আছে তেওঁ আত্ম গ্লানিত  ঠিকেই ভুগিব ।

অহিংস নীতিৰ এইটোৱেই শক্তি ☺

আপুনি দিনটোৰ আৰম্ভণিতে এই সংকল্প আওৰাওক ।

ভগৱানে মোক এই জীৱনটো উপহাৰ দিছে কিবা এটা ভাল কৰিবলৈ  ,
মই আজি কাৰো অপকাৰ হোৱা একো কামেই নকৰোঁ ,
মই আনৰ জীৱনৰ লগত নিজকে তুলনা কৰি দুখী নহওঁ,
মই সুখী আৰু এই সুখ মই আত্মাৰ পৰা উপলব্ধি কৰিছো ।
মোৰ ভাল চিন্তা কৰা সকলো শুভাকাংক্ষীৰ প্ৰতি মই কৃতজ্ঞতা জনালো আৰু বেয়া ভৱা সকলকো ক্ষমা কৰি দিলো ।
সকলোৰে

ভাল হওক ভাল হওক ভাল হওক ...!!!

✍ প্ৰাণজিৎ বৰুৱা
(প্ৰশাসক ) ভাল কথা সুস্থ চিন্তা positive thinking পৃষ্ঠা ।

ভাল পালে শ্বেয়াৰ কৰক ☺


No comments :

Post a Comment