Friday, September 8, 2017

বৰষুণৰ স্নেপছট

বৰষুণৰ স্নেপছট

(১)

বৰ্ষা তাইৰ নাম ।
সেইদিনা ৰাতিপুৱা বৰষুণ এজাক আহিল ,
তাই বৰষুণ জাকৰ চৈধ্য পুৰুষ উজাৰি গালি পাৰিল,
তথাপি 
বৰষুণ জাক অভিমানী নহল,
এৰি পেলালে ক্ষন্তেকতে ,
হয়
বৰষুণ জাকে ঠিকেই  বুজিলে
বৰষুণ দিলে বৰ্ষাৰ দেউতাকে
সেইদিনা আৰু বিচাৰি নাপাব  হয়তো দিন হাজিৰাৰ কাম ।

(২)

বৰষুণ জাক হঠাৎ জোৰেৰে নামি আহিল,
লগে লগে পানী খিনিও বাঢ়ি আহিল,
বানত বুৰি যাব যেন
এতিয়াই চহৰখন,
ইফালে তাকে দেখি উৎফুল্লিত সৰুকনৰ মন  ,
পানীত যে ৰিক্সা খনে আজুৰি আনে অসহায় মহানাগৰিকৰ অহংকাৰী ধন !!

(৩)

বৰষুণ জাক পৰোঁ কি নপৰোঁ হওঁতেই ,
কবিতাৰ লাইন লাগি গল ফেচবুকৰ  দেৱাল খনত,
বৰষুণ নহয় যেন সোণ,
ইমান ভালপোৱা ।
আচলতে সেইটো নহবও পাৰে ,
ভাৰ্চুৱেল পৃথিৱীৰ সৰহ সংখ্যক কথাই দেখোন ভুৱা ।
  বৰষুণ ৰ প্ৰেমিক হোৱাটোও হয়তো এটা ষ্টেটাচ ,
বাৰিষাৰ ৰাতি তোমাৰ কবিক অৰুন্ধতী এটি লাইকেৰেই মনত পেলোৱা ।

প্ৰাণজিৎ বৰুৱা
৮/৯/২০১৬


No comments :

Post a Comment