Tuesday, August 22, 2017

লিমাৰিক

লিমাৰিক

(১)

আমাৰ গাঁৱৰে নিবনুৱা কনপাই দিগন্ত  আৰু হেমধৰ ,
কাম বিচাৰি নাপায় কৰিবলৈ  কিন্তু কথা  বৰ বৰ ,

মথাউৰীৰ ঠিকা এটা পাই ,
সকলো ধন জেপত ভৰাই ,

এইবাৰ হলে  ঠিকেই  বনালে নিজাকৈ  পকী ঘৰ ।

(২)
আমাৰ  ভটৌ চুকৰ চম্পাই ললে এটা  ধুনীয়া স্মাৰ্ট ফোন,
তাতে তাই ব্যস্ত থাকে দিন ৰাতি  কাৰোবাক মাতি জান সোণ ,

ফেচবুক এটাও খুলিলৈ ,
ছেলফি বোৰ  তুলিলৈ  ,

এফ বিত এঞ্জেল চেম্পূ নামত দি তাই  এতিয়া বহুতৰ
বুকুৰ আপোন  ।

(৩)
কলেজীয়া দাদাৰ মুখত কেশৰীয়া কমলা আৰু বিমল ,
তাকে পকতিয়াই লৈ  পাই বেটাই হেনো আনন্দ অমল ,

হবলৈ গৈ বেছি স্মাৰ্ট 
এতিয়া দাদা বিচনাত

অনুতাপ কৰি আছে বোলে সোৱাদ হ'লেও সকলোবোৰ জীৱননাশী গৰল ।

(৪)

ভাত খাবলৈ  মন নাই  যিদিনাই  হ'ল  এঞ্জেল আৰু  প্ৰিঞ্চেচ ,
চাওমিন ম'ম' নাপালেই ধৰে 'মম'এন্দ 'পপ'ৰ ওচৰত  পেছ ,

লোভত পৰি জিভাৰ,
বেয়া কৰাই  লিভাৰ,

ফেচবুকত ষ্টেটাচ দিয়ে ফিলিং চেদ এম চাফাৰিং ফ্ৰম অভাৰগেছ ।

(৫)
মিছা ক'লে কি হ'ব অসমত বান পানী এজনী  সোনৰ কণী পৰা হাঁহ ,
ঠিকাদাৰ মন্ত্ৰী এম.এল.এ. সকলোৱে   মাতে তই বছৰে বছৰে আহ ,

ঘৰটো হ'ব অট্টালিকা ,
পাব লাগিব  মই ঠিকা ,

বালিৰ মথাউৰী বান্ধি কোটিপতি হ'ম গ'লেও যাওঁক অসমীয়া পানীত জাহ ।

************

✍প্ৰাণজিৎ বৰুৱা । 
৭০০২৯০৪১৩১
pranjitboruah91@gmail.com 
প্ৰাক্তন ছাত্ৰ । 
নৰ্থ লখিমপুৰ কলেজ ।


No comments :

Post a Comment