Sunday, August 20, 2017

কেতিয়াবা ভাবোঁ

কেতিয়াবা ভাবোঁ ...

কেতিয়াবা ভাবোঁ মই জহাই ভালপাওঁ , মানুহে ভাল বুলি কলে ভাল লাগে ,
পাছত ভাবিলোঁ মই অকল কিয় ফেচবুকৰ প্ৰায় সংখ্যক বিখ্যাত অখ্যাত লোকেই টো ভাল পাই , খুলি নকলেওঁ লাইক কমেন্টৰ হিচাপ কৰিয়েই যায় ,ভাল কমেন্ট পালে বুকুখন ফুলিয়েই যায়, আৰু জহোৱাৰ কথা নকওঁৱেই দিয়ক বেয়া পালে কোনে ৰিক্স লব ভাই  ;)  ☺

কেতিয়াবা ভাবো মই খাই ভাল পাওঁ ,
পাছত ভাবিলোঁ মইয়েই কিয় ? সকলোৱেই টো খাই ভাল পাই , কোনোবাই ভাত , কোনোবাই গালি , কোনোবাই কাৰোবাৰ মাথা খাই আকৌ কোনোবাই কাৰোবাৰ কলিজা খাই খুলি । সঁচা মিছা শপত বোৰৰ খোৱাৰ কথা নকওঁৱেই ।

কেতিয়াবা ভাবো মই বৰ লুভীয়া ,
পাছত আকৌ চিন্তা কৰোঁ মইয়েই কিয় , সংসাৰত কত আছে,
কাৰ হেঁপাহ পলাই  ঘোঁচ খাই ? পেট ভৰে জানো কিছুমানৰ দুখীয়াৰ তেজ খাই ??মাটি বাৰী  নাৰী গাড়ী টকা বটা আদি কত যে লোভ , ইয়াতে যে পৃথিৱী খন বলিয়া ☺

কেতিয়াবা ভাবো মই বৰ এলেহুৱা ,
কিন্তু তেতিয়া মনত পৰে সৰু এটা চহী  লগা  দেউতাৰ  পেঞ্চনৰ ফাইলটো টেবুল বাগৰা  গতিটো, আমাৰ পাঁচ বছৰীয়া নেতা বিধায়ক কিছুমানৰ সমষ্টি উন্নয়নৰ ক্ষিপ্ৰতা বোৰ আৰু আমাৰ মথাউৰী বনোৱা মানুহ বোৰে মোৰ সংগ কিয় নিদিব এই ক্ষেত্রত  । আফটাৰ অল সকলো অচমীয়া :(

কেতিয়াবা ভাবোঁ মই বৰ আৱেগিক ,
কিন্তু তেতিয়াই মনলৈ আহে দেখোন টিভি চেনেলৰ বাতৰি দিয়া  কেইজনৰ মৃত আত্মীয়ক সোধা ,  বান পানীত সকলো হেৰুৱাই থকা জনক কোৱা সেই কথাষাৰ  আপোনাৰ অনুভৱ কেনে ? নিশ্চিত ভাবে মইয়েই  নহয় exclusively একমাত্ৰ আৱেগিক ! আমি সকলো আৱেগিক অচমীয়া ☺

কেতিয়াবা ভাবোঁ সমালোচনা কৰি মই কিয় ভালপাওঁ ,
তেতিয়া ফেচবুক আৰু অচমৰ বুদ্ধি জীৱি সকললৈ মনত পৰি যায় , আৰু নিশ্চুপ হৈ সেৱা এভাগ জনাওঁ ☺

   কেতিয়াবা ভাবোঁ মই নিজৰ সৃষ্টি বোৰত credit কিয় বিচাৰোঁ ,
তেতিয়াই ভাবোঁ এই পোষ্ট টি ভাল পালে এচামে কপি পেষ্ট কৰিব কিন্তু ইয়াৰ পৰা প্ৰাণজিৎ বৰুৱাই লিখা কথাটো মচি পেলাই , নিজে ক্ৰেডিট লব ।

আচলতে মই কিয় এইবোৰ ভাবোঁ ....কাম বন নাই নেকি ! কিয় লিখোঁ ।
কথাবোৰ ভাবোঁতেই আপোনালোকলৈ মনত পৰি যায়...

কেনেকৈ তিনি মিনিট সময় খৰচ কৰি এইটো পঢ়িলে... এতিয়া হাঁহিব নালাগে লাইক কমেন্ট এটা দিব । আফটাৰ অল পৃথিৱী খন ঘুৰনীয়া আপ এক দেংগে আপকৌ হাজাৰ মিলেংগে :p

আৰু

মই কেতিয়াবা ভাবোঁ সঁচাকৈয়ে মই জহাই ভাল পাওঁ মানুহে ভাল বুলি কলে ভাল লাগে দিয়ক চোন ☺ :p নিজৰ বুলি ☺

প্ৰাণজিৎ বৰুৱা
২০/৮/১৭


No comments :

Post a Comment