Wednesday, August 16, 2017

এলেহুৱা মানুহৰ ৰেচিপি

এলেহুৱা মানুহৰ ৰেচিপি (  এলাহতে নপঢ়াকৈ নাথাকে যেন  😉)

সম্ভৱতঃ পৃথিৱীৰ ভিতৰতে এলেহুৱা মানুহৰ বাবে তৃপ্তি দায়ক আৰু কম সময়ত নিৰ্মাণ কৰিব পৰা খাদ্য বিধ হৈছে মেগী জাতীয় ৰেডিমেদ নুদলচ ।

আৰু আজি আপোনালোকৰ আগত এলেহুৱা মানুহৰ বাবে কম সময়ত সহজে  তৈয়াৰ কৰিব পৰা দ্বিতীয় বিধ খাদ্য বস্তু এটাৰ ৰন্ধন প্ৰণালী আগবঢ়াম ।

আপোনাক ইয়াৰ বাবে লাগিব অলপমান ঠাণ্ডা ভাত ।
এটা পিয়াঁজ । অলপমান তেল ।  কেইটামান জলকীয়া । আমিষ সকলৰ বাবে এটা কণী লগতে অলপমান ভোক আৰু লোভ ।  ( যিহেতু আপুনি এলেহুৱা  আপোনাৰ এলাহ গুচাবলৈ এই ভোক আৰু লোভৰ প্ৰয়োজন 😁 )

যিহেতু এই খাদ্য বোৰ মূলতঃ এলেহুৱা মানুহে তৈয়াৰ কৰিব গতিকে একেবাৰে সহজ প্ৰণালী ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম ।

আপুনি কেঁৰাহী খন পাতিলে । গেচ জ্বলাব নালাগে । এতিয়া তাত জোখৰ মতে তেল বাকী লওক । তাতে পিয়াঁজ কাটি দি দিয়ক । এটা কণী তাতে ভাঙি দিয়ক । জলকীয়া কেইটামানো কাটিয়ে দিয়ক । এতিয়া গেচ লগাই দিয়ক ।

গেচ তেল দিয়াৰ পাছত জ্বলোৱাৰ কাৰণ তেল উফৰি পৰাৰ পৰা ৰক্ষা পৰা । যিহেতু আপুনি এলেহুৱা । ☺

এতিয়া কণীটো টুকুৰা টুকুৰ হৈ পৰালৈ লৰাই দিয়াৰ পিছত  তাতে ঠাণ্ডা ভাত খিনি দি দিয়ক । ।
মন কৰিব ভাত , চাউল নহয় কিন্তু । ( যিহেতু আপুনি এলেহুৱা গতিকে ভালকৈ নপঢ়িবও পাৰে যে ☺)

অলপ সময়ৰ পিছত তাতে নিমখ আৰু হালধী জোখ মতে দি দহ মিনিট মান লৰাই লৰাই ভাজি থাকক ।
যেতিয়�াই আপোনাৰ মন আৰু পেটে  কব হৈ গল খাব পৰা ,লগে লগে   নমাই ওচৰতে পোৱা যিকোনো এখন থালত বাকি লওক আৰু ঘৰত থকা আম বা অন্য যি কোনো আচাৰ অকণমান তেলেৰে সৈতে লৈ গৰমে গৰমে পৰিৱেশন কৰক ।
পাৰিলে ফটো এখন তুলি ফেচবুকত ৰাইজৰ আগতো পৰিৱেশন কৰক । ☺

আৰু খাই বৈ থাল খন কৰবাত  পেলাই  থৈ দিয়ক । আপুনি যিহেতু এলেহুৱা লগে লগে ধুৱ নালাগে ।

আৰু মায়ে যদি দেখে তেন্তে গালিও নিদিয়ে যিহেতু এলেহুৱা মানুহ হোৱাৰ স্বতেও
আপুনি পত্ৰ হৰিৎৰ অবিহনেই প্ৰাণজিৎ ৰ দৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লবলৈ   সক্ষম হল  । 😄😆😋😝😝😛


No comments :

Post a Comment