নুসুধিবা কি কিয় কি কাৰণে ...
মই তাইক কৈছিলো ;
মোৰ তোমাক কিবা এক ভাল লাগে ..!
কিয় নাজানো,
আনতকৈ কিছু বেলেগ লাগে ..
তোমাৰ কথা ভাবিলে মনৰ মৰুভূমিতো বসন্ত নামি আহে ,
কপৌ ফুলে ;
নাহৰো ফুলে ..
খৰাং কলিজাত প্ৰেমৰ ছিপছিপিয়া বৰষুণ সৰে ,
মোৰ উকা দুহাতত যেন শৰতৰ শুভ্ৰ শেৱালীৰ কোমলতাই আলিংগন কৰে..!!
একোকেই নাহে ,
কেৱল তোমাৰ
কাজল সনা দুচকুহে ভাঁহে ।
ইম্মান ধুনীয়া অনুভৱ বাৰু
কেৱল মোৰহে হয়নে .!!
আৰু সেইয়াও যে মাথোঁ তোমাকলৈয়ে হয় ,
এনে কিয় !
কিয় ???
তেওঁ ক'লে ..
প্ৰেম এনেকুৱাই ,
কিয় বুলিও নুসুধিবা ;
কেলে বুলিও নুসুধিবা ;
কি কাৰণে বুলিও নুসুধিবা দেই...!
(c) প্ৰাণজিৎ বৰুৱা
No comments :
Post a Comment