কলেজত গৈছা যদি এবাৰ জীয়াই চোৱা...
নীলা চুৰণিৰ প্ৰেমত,
দুচকু কাজলৰ মোহত,
দীঘল চুলিৰ সুবাসত
এবাৰ মগন হৈ চোৱা...
লাজ লাজ হাঁহি বোৰ,
নিলাজ নিলাজ চাৱনি বোৰ,
হাই হিলৰ পৰোঁ নপৰো খোজ বোৰ...
এবাৰ নিজৰ কৰি লোৱা...
কি ঠিক কৰবাত এদিন
এনেদৰে এটা সপোন আহে,
য'ত এসময়ৰ সেই প্ৰেমিক হৈ পৰিব খোজা
লাস্যময়ী মুখ বোৰে ভাঁহে...
কলেজত গৈছা যদি
এক পক্ষীয় ভাবেই হলেও
কাৰোবাক এবাৰ নিজৰ কৰি চোৱা,
নোট বুক খনতে হলেও ,
বা তুমি বঢ়া বেঞ্চ ডেক্স খনতে হলেও
প্ৰিয় জনৰ নামটোকেই লিখি থোৱা..
ক্লাছত চাৰৰ গহীন লেকচাৰৰ মাজতে হ'লেও
এবাৰ সমনীয়াৰ সতে
শুক্ৰ বাৰৰ আহিব লগীয়া চিনেমা
খনৰ কথা পাতি লোৱা...
লাগিলে তাৰ বাবে গালিয়েই কিয় নোখোৱা,
পঢ়াই থাকোতেই
এবাৰ টোপনিৰ কোলাত
ঢলি পৰা
লাগিলে তাৰ বাবে চক মাটি ডালৰৰ অব্যৰ্থ
নিচানাই কিয় নোহোৱা ...
আৰে বন্ধু এইবোৰেই সেই
দিন বিচাৰিলেও
বাৰে বাৰে নোপোৱা ,
সেই গছৰ তলৰ আড্ডা বোৰ...
ফ্ৰেছাৰ্চ , কলেজ সপ্তাহৰ সোৱাদ বোৰ...
লগৰ লৰাৰ বাবেই গুণ্ডা হৈ পৰা
ক্ষণ বোৰ
সদায়ে যুজাৰু হৈ থকা
সপ্ৰতিভ মন বোৰ,
কিছুদিনৰ পিছত পুনৰ ঘুৰাই যে নোপোৱা ...
নোপোৱা বন্ধু ,
অভিজ্ঞতাৰ পৰা কৈছো ;
ভৱিষ্যতে যান্ত্ৰিক হোৱাৰ আগতেই
কিছু সময় নিজক দি লোৱা ,
কলেজত গৈছা যদি এবাৰ নিজৰ মতে জীয়াই চোৱা...!
প্ৰাণজিৎ বৰুৱা
১৩/৮/২০১৫
No comments :
Post a Comment