Saturday, September 16, 2017

নিউটনে ভাত খাবলৈ পাহৰিলে ...

নিউটনে ভাত খাবলৈ পাহৰিলে ....

আমি যেতিয়া বিজ্ঞানী সকলৰ কথা ক'ৰবাত আলোচনা কৰিবলৈ লওঁ
তেতিয়া সৰ্ব প্ৰথমে এজন মানুহৰ নামেই মনলৈ আহে ,তেওঁৱেই হল চাৰ আইজাক নিউটন ।
যি আছিল  একেধাৰে পদাৰ্থ বিজ্ঞানী, গণিতজ্ঞ, জ্যোতিবিজ্ঞানী, প্ৰাকৃতিক দাৰ্শনিক , ৰসায়ন বিজ্ঞানী, ধৰ্মতাত্বিক  আৰু সন্মানীয় ইংৰাজ ৰয়েল চচাইটিৰ সদস্য । এই  নিউটন আছিল  ইতিহাসৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তি সকলৰ ভিতৰত এজন অন্যতম ।

১৬৪২ চনৰ ২৫ ডিচেম্বৰ   তাৰিখে ইংলেণ্ডৰ লিংকনশ্বিয়াৰ নামে ঠাইত জন্ম গ্ৰহণ কৰা এই মহান বিজ্ঞানী জনৰ মানব জাতি আৰু বিজ্ঞানৰ প্ৰতি অৱদান আছিল অতুলনীয় । 

প্ৰিন্সিপিয়া মেথেমেটিকা  আছিল নিউটনৰ দ্বাৰা ৰচিত এখন বিখ্যাত গ্ৰন্থ । এই গ্ৰন্থত বল গতি বিজ্ঞানৰ সেই বিখ্যাত নিউটনৰ তিনি সূত্ৰৰ আৰু মধ্যাকৰ্ষণ শক্তিৰ কথা বাখ্যা আছে ।  তেখেতৰ আবিস্কাৰৰ বলতেই পৃথিৱী কেন্দ্ৰ কৰি ঘূৰা ব্ৰহ্মাণ্ডৰ ধাৰণাৰ ইতি পৰে । এই নিউটনেই প্ৰথমে ব্যবহাৰিক প্ৰতিফলন দূৰবীণ সাজি উলিয়ায় । পোহৰ বৰ্ণালীৰ ধাৰণাতো তেখেতৰ বৰঙণি আছিল উল্লেখযোগ্য । শীতলী ভবনৰ সূত্ৰ তেখেতৰেই সৃষ্টি । শব্দৰ গতি সম্বন্ধেও তেখেতে যথেষ্ট তথ্য আগবঢ়াইছে। আৰু কলন গণিত (Calculus) ৰ ক্ষেত্ৰতো তেখেতৰ বৰঙণি আছিল অনবদ্য।

ইমানবোৰ বিখ্যাত সৃষ্টিৰ আঁৰৰ এই মানুহজনৰ  ব্যক্তিগত জীৱন আৰু কৰ্মক্ষেত্ৰত কিন্তু প্ৰায়েই কেতবোৰ আমোদজনক আৰু অনাকাংক্ষিত ঘটনা ঘটি থাকিছিল ।  নিউটন  নিজৰ কাম বোৰৰ প্ৰতি আছিল ভীষণ মনোযোগী ।  । তেওঁ গৱেষণাৰ কাম বোৰ কৰি থাকোঁতে বাকী সকলো কথা পাহৰি নিজৰ পৃথিৱীত  আপোন ভোলা  হৈ ৰৈছিল ।

এদিনাখনৰ ঘটনা নিউটনে উইলিয়াম ষ্টাকলে নামৰ এজন লোকক ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰি থৈ আহিল ।  তেওঁক নিমন্ত্ৰণ জনোৱাৰো এটা কাৰণ আছিল এই ষ্টাকলেই নিউটনৰ প্ৰথম জীৱনী খন লিখিছিল ।

  নিমন্ত্ৰণ ৰক্ষা কৰি ষ্টাকলেই যথা সময়ত আহাৰ খাবলৈ আহিল , কিন্তু তেওঁ আহি দেখে যে নিউটনে নিজৰ পঢ়া কোঠাতে  অতি মনোযোগেৰে পঢ়ি আছে  । এঘন্টা মান ৰোৱাৰ পিছতো নিউটন উঠি নহা দেখি এইবাৰ  ষ্টাকলেই নিউটনক আমনি নকৰি ,
একো নোকোৱাকৈয়ে নিজৰ আহাৰ নিজে খাই গুচি গ'ল ।

তাৰ বহু দেৰি পিছত নিউটন যেতিয়া আহাৰ খাবলৈ গৈ নিজে আহাৰ খোৱা টেবুলৰ ওচৰ পালেগৈ , দেখিলে যে কাৰোবাৰ আহাৰ খোৱা কাঁহী এখন টেবুলৰ ওপৰত পৰি আছে । তেতিয়া তেওঁৰ মনত চিন্তা হ'ল এইখনত কোনে খালে , অলপ পৰ ভাবি তেওঁ নিজকে নিজে ক'লে ইয়াত চাগৈ তেওঁ নিজেই ইতিমধ্যে আহাৰ খালে আৰু এইখন তেওঁৰেই খোৱা কাঁহী ।

লগে লগে তেওঁ হাঁহি মাৰি  ঘৈণীয়েকক চিঞৰি চিঞৰি কলে - " দেখিছানে ইমান ব্যস্ত হৈ পৰিছো , মই যে আহাৰ খালো , পাহৰিয়েই গৈছিলোঁ !"

দেখিলেনে ?
আপোন ভোলা নিউটনে আলহীৰ কথা যে পাহৰিলেই , নিজে আহাৰ নোখোৱাৰ কথাও পাহৰিলে ।

এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা নিউটনৰ লগত প্ৰায়েই ঘটিছিল । 

আপেল সৰি পৰা দেখি মধ্যাকৰ্ষণ শক্তিৰ ৰহস্য উদঘাটন কৰা বুলিও এটা জনপ্ৰিয় কাহিনী তেওঁৰ বিষয়ে বহুল ভাবে প্ৰচাৰিত হৈ আহিছে । সঁচাকৈয়ে মহান  বিজ্ঞানী সকলৰ  জীৱনী ৰসাল কাহিনীৰে ভৰপূৰ ।

প্ৰাণজিৎ বৰুৱা
৭০০২৯০৪১৩১


No comments :

Post a Comment