Wednesday, September 27, 2017

আবেলিৰ খেলি মেলি পংক্তি ...

(১)
আবেলি বোৰ আবেলি হৈ নাথাকে ,

যেতিয়া আপুনি থাকে,

আবেলি বোৰ খেলি মেলি হৈ পৰে ।

(২)
খেলিমেলি আবেলি বোৰত
ভাল লগা বাৰু  কি?

আপুনি আছে ,
কাষত...

আৰু বেলেগে সুধিবলৈ থাকিল কি বাকী ?

(৩)

আবেলিৰ  ৰান্ধনী বেলি,
ঘৰ মুখী পখী,
ডাৱৰে ঢকা পাহাৰ ,

এই আবেলিটোৰ কি আটাইতকৈ প্ৰিয় ??

নুবুজিলো ,
আপুনি ওচৰত থাকোঁতেনো বাৰু

এই প্ৰশ্ন পুনঃ কিয় ?

(৪)

গান এটা  শুনোৱাৰ কথা আছিল আপুনি  ।

কি গান গালে , নাগালে,
নুশুনিলো ,
মনো  নিদিলো...

অৱশ্যে
আপুনি কৈ গল অনৰ্গল কিছু কথা ,

গোটেই আবেলিটো
আপোনাৰ মুখলৈ ৰ লাগি চালো !

অনামী সুৰ এটাত ঠিকেই    ডুব গলোঁ ।

(৫)

কাজল খিনি ডাঠ আছিল  নেকি বাৰু
আপোনাৰ আজি ,

নাছিল ?

তেন্তে
আবেলিৰ  ঢেৰেকনী নোহোৱাকৈ
চকা মকা বিজুলী জাকে

কৰপৰা মোৰ চকুত আহি   বিন্ধিছিল ? ,

(৬)

আবেলি বোৰ আবেলি হৈ নাথাকে
যেতিয়া আপুনি থাকে
আবেলি বোৰ খেলি মেলি হৈ পৰে ।

চাওক চোন ,
আপুনি আছিল বাবেই আজি কৰপৰা
আবেলিটো তিয়াই দিলেহি বৰষুণ জাকে ।

খেলি মেলি বৰষুণ জাকক
খেদি নপঠিয়ালো দিয়ক  ।

ক'ৰবাত সেয়া বাজি উঠিছে শুনক । 
আবতৰীয়া প্ৰণয়ৰে বানে তিয়ালেহি মোৰ চকুৰে পতা  ।

হা হা চাৰিওফালে

খেলি মেলি ,
খেলি মেলি ...।

প্ৰাণজিৎ বৰুৱা
২৪/৯/১৬


No comments :

Post a Comment