ওকনি ...
সেইদিনা আবেলি ঘৰলৈ উভতি অহাৰ পিছত
মুৰত পিৰপিৰণি ,
মাক দেখুওৱালো ,
মায়ে কলে ওকনি ,
মই কলো ওকনি , ল'ৰাৰ মুৰত ?
মায়ে ক'লে নহয় ওকনি সেই ল'ৰাৰহে মুৰত যি পৰিলে প্ৰেমত !!!
ফনি ...
সেইদিনা চুলি খিনি অলপ বেছিকৈয়ে সৰিছিল,
মোতকৈ বেছি দুখেৰে ফনি খনেহে কান্দিছিল ।
চুলি..
তেওঁৰ চুলিখিনিত কি আছে নাজানোঁ ,
ৰাতি ৰাতি গোন্ধ ,
নাই তেনেকুৱাকৈ একো নাই,
অথচ কিছুদিন সেই চিনাকি চেম্পুৰ গোন্ধ নাপালে ,
মন উদাস হৈ যায় ।
✍ প্ৰাণজিৎ বৰুৱা
৩/১/২০১৭
No comments :
Post a Comment