Friday, November 10, 2017

মন গ'ল বুলিয়েই আপুনি সকলোবোৰ কাম কৰিব নোৱাৰে

মন গ'ল বুলিয়েই আপুনি সকলোবোৰ কাম কৰিব নোৱাৰে

মোৰ টকা মোৰ কথা...

ধেই নকব অ' এনে কথা,
সহ্যৰো সীমা থাকে,
মন গ'ল বাবেই আপুনি সকলো কাম কৰি পেলাব নোৱাৰে ...

আমাক চাৰে পঢ়াওঁতে
এদিন কৈছিল ,

"মোৰ লাইফ মোৰ কথা তুমি মাতিবলৈ কোন,
তোমালোকৰ বহুতেই
এনেকৈ যে কোৱা  ,
জানানে
ভাবানে এটা কথা
তোমালোকৰ প্ৰতিজনেই বাৰু
কিমানেই  কিমানৰ ওচৰত ধৰুৱা ...??

মা দেউতাৰ পৰা অক্সিজেন দিয়া গছ জোপালৈকে,
পৰিয়াল বন্ধুৰ পৰা পোহৰ দিয়া সূৰ্য্যটোলৈকে...
এই তুমি যে ইমান অহংকাৰ কৰিব পৰা হ'লা,
ভাবিলা নে তুমি ইমান দিনে
সমাজ খনৰ পৰা
পৃথিৱীখনৰ পৰা কিমান কিমান বোৰ পালা...

তোমাৰ জীৱনৰ ওপৰত মাত্ৰ তোমাৰ অধিকাৰৰ কথা
যে কোৱা,
আৰু নক'বা,

বুজিছা
তুমি মন গ'লেই নিজে মৰিবও নোৱাৰা ,
মন গলেই কৰোঁ বোলা সকলো কাম
কৰিবও নোৱাৰা ...
তোমাৰ জীৱনটো বহুতৰ ওচৰত  ধৰুৱা..."

'হয়
এতিয়া মইও কওঁ আপোনাক এই কথাবোৰ ...

আমাৰ জীৱনটো যে বহুতৰ ওচৰতেই ধৰুৱা ,
এই মাত্ৰ এই কথাটোৰ বাবেই
আপুনি অলপ সংযমী হওক ,

মন গ'ল বাবেই টকা বোৰ পুৰি
আপুনি শব্দৰ বিস্ফোৰণ কৰি দিব নোৱাৰে ,
মন গ'ল বাবেই আপুনি
গছ বোৰ কাটি ঘৰ বনাই দিব নোৱাৰে ,

মন গ'ল বাবেই টকা আছে বাবে
আপোনাৰ টকাৰে পৃথিৱী অথবা সমাজ কাৰো অলপমানো ক্ষতি কৰাৰ
অধিকাৰ যে আপুনি  নাৰাখে...

আপোনাৰ লগত মই যুক্তি নকৰোঁ,
আপুনি নিজকে সুধি চাব এবাৰ

এই বিলাসী জীৱনটোত আপোনাৰ ,
কিমান কিমানৰ ওচৰত ধাৰ...

সেয়ে মোৰ টকা মোৰ কথা ,
মোৰ জীৱন মোৰ কথা ...

এনেকৈ পুনৰ নক'ব ,
সহ্যৰো সীমা থাকে...

মন গ'ল বাবে সকলো কাম আপুনি কৰি পেলাব নোৱাৰে !!!

প্ৰাণজিৎ বৰুৱা
১০/১১/২০১৫


No comments :

Post a Comment