Thursday, November 16, 2017

ভাল কথা

কেইটামান কথা মনত ৰাখিব পাৰিলে লাভ হয়

(১)
আপুনি কামত ব্যস্ত থাকক ,

তেতিয়া হতাশা আপোনাৰ ওচৰত কেতিয়াও ব্যস্ত হব নোৱাৰিব ।

(২)

হাঁহি বৰ মূল্য বান ,

আপোনাৰ এটি হাঁহিৰে আপুনি জগত খন আপোন কৰিব পাৰে । ইয়াতকৈ আৰু কি লাগে...

(৩)

পৃথিৱীত বহুত মানুহ আহিছে , বহুত গুচি গৈছে ,

থৈ গৈছে মাথোঁ স্মৃতি ...

এসময়ত আপুনি কেনেকুৱা স্মৃতিৰ গৰাকী  হব সেয়া এতিয়া আপুনি সমাজত কেনে  ব্যৱহাৰ কৰি আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব  ।

(৪) মানুহ ধনী অথবা দুখীয়া হব পাৰে নিজা ইচ্ছা আৰু চেষ্টাৰ ফলত ... তেনেকৈ মানুহে নম্ৰ , অমায়িক , ভাল লগা চৰিত্ৰৰ হব পাৰে নিজৰ চেষ্টা আৰু সংশোধনৰ জৰিয়তে ।

(৫) আপুনি মন্দিৰ মছজিদ আদিত গৈ দান দিছে ভাল কথা কিন্তু
যদি আপুনি তেনে দানৰ এটি অংশ কোনো অভাৱী  জীৱিত ব্যক্তিৰ বাবে খৰচ কৰিব পাৰে সেইটো আৰু ভাল কথা ।

(৬)
আপুনি কাৰোবাক একো এটা দিব পৰা নাই , হয়তো আপোনাৰ হাতত দিব পৰা একোৱেই নাই । একো নাই । কিন্তু আপুনি  যাতে কাকো আঘাত দি নপঠাই সেয়া মনত ৰাখিব ।

(৭) জিভাৰ পৰা ওলোৱা শব্দ বোৰৰ ব্যৱহাৰ কৰোঁতে এইটো মনত ৰাখিব যাতে ই কাকো ঘুনাক্ষৰেও আঘাত নকৰে । লাগিলে তেওঁ আপোনাক যিমানেই আঘাত নিদিয়ক আপোনাৰ পৰা প্ৰত্যুত্তৰ যদি মৰমৰ হয় তেন্তে তেওঁ নিজেই জ্বলিব অনুতপ্তৰ জুইত ।

✍✍ প্ৰাণজিৎ বৰুৱা
Pranjit Boruah

ভাল কথা সুস্থ চিন্তা  positive thinking (y)


No comments :

Post a Comment