Monday, November 27, 2017

প্ৰেমৰ কেইটামান সংলাপ

প্ৰেমৰ কেইটামান সংলাপ ...

(১)

আপুনি তেওঁৰ উশাহত হেৰাই পোৱা নাই,
আপুনি তেওঁৰ অলকা গুচাই পোৱা নাই,

তথাপি  আপুনি হতাশ হোৱা নাই,
আশাত বন্দী !!

যিহেতু তেওঁৱেই  আপোনাৰ সপোনৰ প্ৰিয় নাৰী...!!

(২)

আপুনি কৈ দিলে খঙতে,
আজিৰ পৰা আমাৰ কোনো সম্বন্ধ নাই,

অথচ তেওঁক যে কোনো কাহানিও পাহৰা নাযায়...
কবলৈ বেলেগকৈ  একো নাই ,

  পাহৰিব নোৱাৰা স্মৃতি

একমাত্ৰ ভালপোৱাই হে এনেকৈ দি যায় ।

(৩)

আপুনি সুখী হব পৰা নাই,
অনুগ্ৰহ কৰি এবাৰ প্ৰেমত পৰি চাওক ,

আপুনি কোনোদিনে দুখী হৈ পোৱা নাই,
অনুগ্ৰহ কৰি এবাৰলৈ কাৰো�বাক  ভাল পাওক !!

✍প্ৰাণজিৎ বৰুৱা
২৬/১১/২০১৬


No comments :

Post a Comment