Monday, June 20, 2016

সোণাৰুৰ কবিতা

কবিতা

(১)

সেইদিনা অলপ ওলাই গ'লো,
বাটতে এজোপা সোণাৰুক লগ পালোঁ ,

সোণাৰুৱে শুধিলে কোন ফালে যোৱা ?

জানানে ,
ঘপহকৈ
হালধীয়া হাঁহিটো দেখিয়েই

যাব খোজা বাটটো  যে
পাহৰি থাকিলো ,

সিদিনা  নহ'ল আৰু সোণাৰুক কোৱা !!

(২)

সিদিনা গছৰ  তলত বহি থাকোঁতে ,

তুমি যে শুধিছিলা

মোৰ বাদে বেলেগ কাৰোবাকো তুমি ভালপোৱা ?

জানা নে ?

সোণাৰুৰ শপত খাই কৈছো,

তোমাক সেইদিনা সঁচা কথাটো নহ'লেই কোৱা  ।

(৩)

আচলতে সোণ ,সোণাৰু ,
নে তুমি বেছি ধুনীয়া ,

কথাবিলাক ভাবি থাকোঁতেই মোৰ সময় বোৰ গুচি গ'ল,

সোণাৰু সৰি সৰি যোৱা ,
তুমি উচাত মাৰি যোৱা,
সোণাময় সময় বোৰ হেৰুৱা,

কথাবোৰত যে মন দিয়াই নহল...!

শেষতহে বুজিলো আচলতে 
আটাইতকৈ বেছি

স্মৃতিবোৰ হে ধুনীয়া
চিৰ যুগমীয়া  ।

✍প্ৰাণজিৎ বৰুৱা
১৩/০৬/২০১৬


//ভোক আৰু লোভ //

//ভোক আৰু লোভ //

সাদৃশ্য :

কিল বিলাই পেটত এটা পোক,
যাৰ নামেই ভোক ।

কিল বিলাই মনত এটা পোক,
নাম তাৰেই লোভ ।

পাৰ্থক্য

ভোকাতুৰ মানুহ বোৰ দুখীয়া,
খাবলৈ নাই,

অসুখী মানুহ বোৰেই লুভীয়া  ,
সন্তুষ্টি নাই ।

সমাপ্তি

ভোকাতুৰ লোক বোৰৰ এবাৰেই মৃত্যু হয় ,
ভোকত ।

লুভীয়া মানুহবোৰৰ বাৰে বাৰেই মৃত্যু হয়,
অপ্ৰাপ্তিৰ দুখত !!

প্ৰাণজিৎ বৰুৱা
১৬/৬/১৬


Saturday, June 18, 2016

ছোৱালী

ছোৱালী ...

(১)

মিঠাই এটাই আছে বাবাটোৱে খাব  ।
তই নাখাবি ।

তাই হাঁহি মুখে কয় হব  !

তাই বুজি পাই সকলোখিনি

তাই যিহেতু ছোৱালী ।

(২)

পূজা বুলি ইহঁতক কিবা এটা দিব লাগিছিল ,
বাবাক নিদিলে সি চিঞৰিব ,

তই কেইদিনমান পাছতে লবি  ।

তাই কয় হব !

তাই বুজে কথাখিনি

তাই যিহেতু ছোৱালী ।

(৩)

বাবাটোৱে খোৱা কাঁহী খন ,

তাইৰ ওচৰত দি যাবলৈ কয়,

পিছে বাবাটোৰ সেই কনৰো সময় নহয় ।

তাই নিজেই লৈ গৈ ধুই পেলাই নিৰৱে,
মুখেৰে টু এটাও নকয় ....

তাই যিহেতু ছোৱালী ।

(৪)

বাবাটোৱে পৰীক্ষা দিব ,
সকলো উৎকন্ঠিত ।
কি বা হব ।

তাই পৰীক্ষা দিব ।
যি হয় হব ।
এনেও বিয়াহে হব ।

পঢ়ি শুনি কিনো কৰিব ।
তাই যিহেতু ছোৱালী ।

(৫)

সময়ত বাবাটোৱে চাকৰি এটা পালে,
তাইও চাকৰি এটা সৰুকৈ গোটালে ।

সময়ত দুয়োকে বিয়া পাতি দিলে ।

বাবাটোৱে পত্নী সন্তানৰ মোহত বন্দী হৈ যায়,

তাই ঘৰৰ গিৰি হঁত শহুৰ শাহুৱেকৰ আলপৈচান ধৰাৰ উপৰিও
মাক দেউতাকহঁতক  একোবাৰকৈ চাই যায় ।

ইমানকৈ কাম কৰে,
ইমানকৈ চিন্তা কৰে,
ইমান মৰমবোৰ লৈ ফুৰে কেনেকৈ ....

হয় তাই বৰ আজলী,

আনৰ বাবেই জীয়াই থাকিবলে শিকা
আলফুলীয়া

তাই যিহেতু ছোৱালী !!

প্ৰাণজিৎ বৰুৱা
১৪/০৬/২০১৬