Saturday, October 11, 2014

বৰ বেছি মনত পৰিলে কি কৰে ...

বৰ বেছি মনত পৰিলে কি কৰে ...

বৰ বেছি মনত পৰিলে কোনোবাই কি কৰে...

আপুনি কি কৰে...
বাকী লয় দুবটল সুখ
পাহৰিবলৈ দুখ !

মেলি লয়
হীৰুদাৰ ফুলতকৈ কাঁইটেই ভাল,
এইয়া যে বসন্ত কাল !

অথবা শুনে নেকি
আপুনিও বাৰু মোৰ দৰেই অৰিজিটক  নিশা দুপৰলৈকে,

নে
এনৰিক ইগলেচিয়াছৰ
দু ইউ ৰিমেম্বাৰ মি লাইক আই ৰিমেম্বাৰ  ইউ...
শুনিয়েই কটাই দিব পাৰে আপুনিও ...

কি কৰে বাৰু আপুনি !

নে  ফেচবুকৰ ষ্টেটাচ ,
লাইক ,
কমেন্টৰ ভাৰ্চুৱেল পৃথিৱীত আপুনিও মোৰ দৰেই ৰিয়েলিটি বিচাৰি ফুৰাৰ দুঃ সাহস কৰিছে...

নাজানো কিয়...

জানিবৰ বৰ মন গৈছে আজি ,
কাৰোবালৈ  বৰ মনত পৰিলে
কোনোবাই
কি কৰে,

এতিয়া মোৰো যে  প্ৰায়েই কাৰোবালৈ মাত্ৰাধিক মনত পৰে,
তেতিয়া দেখোন মোৰ
স্মৃতিবোৰ  চকুলোৰ নিয়ৰ হৈহে সৰে... !

পাৰিলে
জনাবচোন...

নেপেলাওঁ বুলি ভাবিও
যেতিয়া
মোৰ দৰেই কাৰোবালৈ এনেকৈ আপোনাৰো খুউব মনত পৰে ...
আপুনি বাৰু কি কৰে ...?

--প্ৰাণজিৎ বৰুৱা
১৪ ছেপ্তেম্বৰ ২০১৪


Friday, October 10, 2014

শৰৎ

শাৰদী কোমল কঁহুৱা...

এচাটি বা বলাই,
শৰৎৰ গান এটি গাই,

লৈ গল মোৰ
কলিজাৰ এচোৱা...

এইয়াই চাগে

শৰৎৰ সৈতে
মোৰ

আজন্ম ভালপোৱা ...!

--প্ৰাণজিৎ বৰুৱা
১০/১০/১৪


Thursday, October 9, 2014

সপোন কোঁৱৰ এজন লাগে ...

(কালি মোৰ কবিতা এটা পঢ়ি বা এজনীয়ে ছোৱালী বিলাকক লৈও কিবা এটা লিখিবলৈ কলে...
অলপ hints ও দিলে...

তাকে মিলাই মেলি এজনী ছোৱালী প্ৰাণজিৎ হৈ লিখি চালো অনুভৱ এটা ...
কিমান সফল হলো নাজানো আৰু :-\  :-) :-D

(এজনী ছোৱালীৰ দৃষ্টিভংগীত )

সপোন কোঁৱৰ এজন লাগে ...

বাটলৈ ওলাই যাওঁ
যেতিয়া
বৰ্ষাসিক্ত কোনো আবেলি...

সদায়েই বাট চাওঁ...
কৰবাত কিজানি সপোন কোঁৱৰ জনক দেখাই পাওঁ...

আমাৰ সপোন কোঁৱৰো আহিব,
দুহাতত হাত থৈ হাঁহিব,

কৰবাত যাওঁ বলা,
কে এফ চি, বিগ বজাৰ,
দীঘলী পুখুৰী পাৰ
কোৱা কত যাবা...
এনেকৈ এবাৰ সুধিব !

এনেতে এজাক শীতল বতাহ বলিব ,
হঠাতে  চিপ চিপিয়া বৰষুণ এজাকে ধুই নিব চহৰ খন...
চঞ্চলা হৈ পৰিব আমাৰ মন...

এটা ছাতি আৰু মানুহ দুজন,
বাহ কি যে ৰোমাণ্টিক ক্ষণ...!

সপোন কোঁৱৰ তুমি
বাৰু  আছা কত ...?

জানা যেতিয়া হাঁহি হাঁহি ৰুমমেট ব্যস্ত থাকে  ফোনত,
আমাৰো যে  ইৰ্ষাই বাহ বান্ধে মনত...

যেতিয়া পঢ়ি উঠো
ফাইভ পইন্ট চাম ৱান...
হৃদয়তো চোন বাঢ়ি আহে যৌৱনৰ পাৰ ভঙা বান...

কাৰোবাৰ কান্ধত হাত থৈ বাইকৰ পিছত বহি যোৱাৰ,
ৰাষ্টাৰ কাষত বেছি জ্বলা দিয়া  ফুচকাৰ সোৱাদ লোৱাৰ,

ঘন্টা ঘন্টা জোৰা কথা পতাৰ,
ঠেঁহ পতাৰ ,
মিঠা আব্দাৰ কৰাৰ হেঁপাহ যে আমাৰো জাগে ...

মাথোঁ আমাৰ কথাই চিন্তা কৰা,
কেয়াৰ লোৱা,
মৰম কৰা,
একোজন সপোন কোঁৱৰ আমাকো লাগে...!

কত আছা নাজানো সপোন কোঁৱৰ...

বাহিৰত নেদেখাওঁ যদিও,
কোনো সপোন কোঁৱৰৰ অভাৱতে ,

ভিতৰি ভিতৰি আমাৰ হৃদয় খনেও দেখোন কান্দে...

লাগে বুজিছা ...
সপোন কোঁৱৰ এজনক
দিঠকত যে
সঁচাকৈয়ে লাগে ...!

--প্ৰাণজিৎ বৰুৱা
২৬ আগষ্ট ২০১৪