Friday, January 23, 2015

লেবেল...

সৰুতে বহী কিতাপৰ ওপৰত লগাইছিলো লেবেল,
বগা কাগজকে আঠা দি লগোৱা লেবেল টোত নিজৰ নাম ৰোল নম্বৰ ভাল ভাল হাতৰ আখৰেৰে লিখাটো আছিল এটা চখ...
লাহে লাহে লেবেলৰো লেবেল বাঢ়িল ,
দোকানত কিনিব পৰা নতুন নতুন হিৰো ,ক্ৰিকেটাৰ , কাৰ্টুন চৰিত্রৰ
প্ৰিন্টেদ লেবেল বোৰ আহিল...!!
সময়ত
লেবেল বোৰ লেবেজান হৈ জীৱনৰ পৰা আতৰোঁ কি নাতৰোঁ হৈছিল হে...
কৰ পৰা জানো টুপুক কৈ আকৌ আমাৰ জীৱনৰ মাজত নতুনকৈ সোমাই পৰিল...
চোৱাচোন লেবেলৰ কি লেবেল...
,"ছোৱালীজনীক কথা কলে ,
উত্তৰ দিবলৈও টান পাই ,
বাহ কি লেবেল !"

hmmm umm ৰ লেবেল নেদেখাব আপোনালোকে ...

hmmm umm ৰ লেবেল
নেদেখাব আপোনালোকে ...
মানিছো আপুনি দেখাত খুবেই ধুনীয়া ,
লৰাবোৰ ভেনা মাখি পৰা দি পৰে আপোনাৰ  ষ্টেটাচ পি পি ত...
মানিছো আপোনাৰ ইনবক্স শুৱনি হাই হেল্ল কিম্বা ভালপোৱাৰ অযুত নিযুত প্ৰস্তাৱেৰে ...
তথাপিও hmm ummm ৰ লেবেল নেদেখাব !!
আপুনি ভাগৰি পৰে প্ৰেমৰ ভিক্ষাৰী বোৰক মৰমৰ মাত দি ,
মানিছো...

Wednesday, January 21, 2015

সৰস্বতী পূজাৰ লিমাৰিক

প্ৰাণজিৎৰ
সৰস্বতী পূজাৰ লিমাৰিক

(১)

সৰস্বতী পূজা নহয় যেন এইয়া অঘোষিত ফেচন,
কোনে কিমান ধুনীয়াহৈ দিব পাৰিব  ইম্প্ৰেছন,

নিউজ চেনেলো হৈছে ৰেদী,
চলাথ কৰিবলৈ পূজাৰ বেদী ,

সৰস্বতী পূজা মানে যে বিউটি শ্ব নহয় ইহঁতক
কোনে বাৰু দিব  এই লেচন । 

(২)
আহি গ'ল আৰ. টি. ই.বিনামূলীয়া শিক্ষাদান,
ভাত কাপোৰ সকলো চৰকাৰেই ধৰিব   যোগান,

ছাত্ৰৰ পৰা তুলিলৈ  ফিজ,
পূজাত খোৱালে স্পিছিয়েল দিছ,

পিছে এতিয়া  কথাটো   গৈ ওপৰ পোৱাত
হেদ মাষ্টৰৰ  কলিজাই  বানিছেযে   ধান ।

(৩)
সৰস্বতী পূজাত পাৰ্কত  যোৱাটো ডেকা গাভৰুৰ পুৰণি হবি,
জাকে জাকে গাভৰুৱে মেখেলা চাদৰ পিন্ধি ঘুৰাটো সঁচাকৈয়ে যে বিতোপন ছবি ,

এতিয়া আকৌ লাইভো  দেখাব,
বিধে বিধে যে প্ৰাইজো দিব,

মৰমৰ বা ভনীহঁত অ' তহঁতে পাৰ যদি আগতীয়াকৈয়ে কেমেৰামেনটোকেই পতাই থবি ।

(৪)
সৰুতেই শুনিছিলো সৰস্বতী সৰস্বতী বিদ্যাৰ দেৱী, পূজাত পূজিছিলো মা ভালে কুশলে পৰীক্ষাত পাছ কৰাই দিবি,

খাইছিলো বুট মাহ,
মনত বাঢ়িছিল সাহ,

এতিয়াৰ ছাত্ৰীয়ে পূজে মা এইবাৰ সৰস্বতীৰ ধুনীয়া ছোৱালীৰ খিতাপটো পাৰিলে মোৰ মোৰতে পিন্ধোৱাবি  ।

(৫)

ঔম ভুৰ ভুৱঃ  স্বাহা আছিল সৰস্বতী বন্দনা ,
এতিয়া আহিল বেবী দল হানি সিংৰ জমানা,

দিনে নিশাই চাওন্দ বঢ়াই,
পূজাই পূজাই  য়ো য়ো লগাই ,

এনে লাগে আজিকালি  যেন কৰবাতে হেৰাই গল সেই পূজাৰ পৱিত্ৰ ভাৱনা ।

--প্ৰাণজিৎ বৰুৱা
৯৭০৬১২৯৩৬৯
২১ জানুৱাৰী ২০১৫