Saturday, July 2, 2016

কনফিউজন

Confusion cofusion no solution ...
Confusion confusion no solution ...

যাব খুজিলো বজাৰলৈ ,
হেন্দেলত ওলমাই  মোনাটো লৈ...

মায়ে কলে সোনকালে আহিবি ,
নালাগে বাইক নিব যা খোজকাঢ়ি ।

Confusion confusion no solution...

খোজ কাঢ়ি গলে
পাম জানো সোনকালে

Confusion confusion no solution...

অৱশেষত খোজকাঢ়িয়েই  বজাৰ পালোহি ,
চিন্তা লাগিল বজাৰৰ লিষ্ট ঘৰতে এৰি আহি ।

Confusion confusion no solution

লগা লগা ফোন কৰিলো মালৈ,
ফোনতে কৈ গল লাগে কি কি আনিবলৈ ।

বজাৰত সোমাই দেখো বস্তুৰ জুই চাই দাম,
এনেকৈ হলে কেনেকৈ ঘৰ খন  চলাম ।

Confusion confusion no solution...

মাছৰ  বজাৰতো ইমান মাছৰ  দাম,
তাতো কিছুমানে আকৌ নকৰেই দৰদাম  ।

ইমান টকা কিছু মানুহে বাৰু কৰ পৰা গোটাই,
কিছুমানে আকৌ ডাষ্ট বিনতহে আহাৰ  বিচাৰি পাই ।

বুজি নাপালো
এইবোৰ কিহৰ discrimination ,
Confusion confusion no solution...

বাদ দিলো শেষত সেইবোৰ চিন্তা বাদ দিয়া বুলি কৈ,
ভোক লগাত সৰু হোটেল এখনত সোমালোগৈ ।

Confusion confusion no solution ...

হোটেলত মিঠাই এসোপা মান দেখি ,
Confused হৈ পৰিলো  এতিয়া খাওঁ কি ,

অলপ পৰ ভাবিলৈ
  চালো পইচা কিমান বাছিল ,
সেই মতে খালো কিবা এটা,
যদিও মন আৰু  আছিল ।

Confusion confusion no solution ...

খাই বৈ গধুৰ হৈ ,
হাতত মোনা লৈ,

মই দেখোন পৰিলো  খোজ দিব নোৱাৰা হৈ ।

Confusion confusion no solution ...

বেছি নাভাবি ৰিক্সা এখনলৈ ঘৰ পালো গৈ,
মাক চিঞৰিলো ৰিক্সাৰ ভাৰা টো দিবলৈ ।

মায়ে আহি দিলে গালি
এইকনো খোজকাঢ়িব নোৱাৰনে তই,
এক্সৰচাইজ হব বুলিহে ,
বাইক নিব নিদিলো মই ।
Confusion confusion no solution ...

মই বোলো খোজ কাঢ়িব টো পাৰোঁ,
পিছে বেগ ডাল কেনেকৈ আনো ।

মায়ে বোলে হয়তো কথাটো  ভবাই, নাছিলো মই
পিছে বোপাই  তেতিয়াই নো নকলি কিয়  তই ।

মই কলো আবে মা মই তোমাৰেই চন,
এইখন দুনিয়াত সকলো ফালেই confusion ...

Confusion confusion no solution

প্ৰাণজিৎ বৰুৱা
২/৭/১৬
9706129369










No comments :

Post a Comment