Saturday, July 2, 2016

ভাল লগা শব্দৰ শাৰী...

ভাল লগা শব্দৰ শাৰী...

বৰষুণৰ সংগীত বোৰ
যি বোৰ খেৰৰ চালত পৰিলে হয়
সেইবোৰ ভাল লাগে,

বাঁহ গছৰ সুৰ বোৰ,
যি বোৰ অলপ বতাহ বলিলেই হয়,
সেইবোৰ ভাল লাগে ।

ভাল লগাৰ কোনো দাবী নাই,
কিয় ভাল লাগে তাৰো
কোনো যুক্তি নাই,

সেইবাবেই
চুঙাত এটকা এটা ভৰালে ওলোৱা শব্দটো
ভাল লাগে ।

নদীখন বৈ যোৱা শব্দটো ,
বগলীজাক,
জাক পাতি উৰি যোৱাৰ � শব্দটো ,

আন নালাগে,
দেউতাৰ চাইকেলৰ কেৰমেৰ
শব্দটোও বৰ ভাল লাগে ।

আপোনাৰ কাণত বাজে নাবাজে নাজানোঁ ,
মোৰ কাণত কিন্তু অহৰহ এটি সৰু ল'ৰাই
কুঁহি পাঠ চিঞৰি পঢ়া ,
নেওতা মুখস্থ গোৱা,
কি ক'ত কিয় বিখ্যাত আদি
কৈ থকাবোৰে প্ৰায়েই  খেদি থাকে ।

ল'ৰাটো কোন সঠিককৈ  অৱশ্যে কব নোৱাৰি ,

কেতিয়াবা
নিজানত ,
কেতিয়াবা
কোলাহলত

হয়তো সকলো মানুহৰে ভাল লগাকৈ  উফৰি আহে

এনেকৈ
ভাল লাগি যোৱা,
কিছুমান  ভাল লগা শব্দৰ শাৰী... ।!!!

✍প্ৰাণজিৎ বৰুৱা
২/৭/১৬



No comments :

Post a Comment