Thursday, August 10, 2017

এডিচনৰ ধৈৰ্য ...

মহান বিজ্ঞানীৰ ৰসাল কাহিনী ...

এডিচনৰ ধৈৰ্য ...

আমি সকলোৱে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আৱিষ্কাৰক টমাচ আলভা এডিচন ৰ নাম শুনিছো নিশ্চয় । আৰু নুশুনিমেই বা কিয় যাৰ নামতেই যে আছে আমাৰ জীৱনত প্ৰয়োজনীয় হাজাৰোধিক সামগ্ৰীৰ আৱিষ্কাৰৰ কৃতিত্ব । আমি ব্যৱহাৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত এডিচনৰ উল্লেখযোগ্য তিনিটা আৱিষ্কাৰ আছিল গ্ৰামোফ'ন , বিজুলী বাতি  আৰু গতিশীল ছবি তোলা কেমেৰা । তেওঁৰ  বাকি সৃষ্টি ৰাজি  বোৰৰ ভিতৰত এই কেইটা আছিল তেওঁৰ আটাইতকৈ জনপ্ৰিয় অৱদান মানব জাতিলৈ । এই এডিচনে কিন্তু কোনোদিনে হাইস্কুল বা বিশ্ববিদ্যালয়ৰ দুৱাৰ গচকি পোৱা নাছিল । ইয়াৰ কাৰণ আছিল এডিচনৰ প্ৰচুৰ মেধা আৰু যুক্তি বাদী মনটো । এডিচনক যেতিয়া প্ৰাথমিক বিদ্যালয়ত ভৰ্ত্তি কৰি দিয়া হয় তেতিয়া তেওঁৰ শিক্ষক সকলে  তেওঁক চম্ভালাটো যেন বৰ কষ্ট হৈ পৰিছিল কাৰণ তেওঁ আন ছাত্ৰ বোৰৰ দৰে প্ৰচলিত  সু শৃংখলিত আৰু গতানুগতিক শিক্ষা ব্যৱস্থাৰ প্ৰতি মুঠেই আগ্ৰহী নাছিল । তেওঁৰ মনটো আছিল প্ৰচুৰ অনুসন্ধিৎসু , সকলো কথা যুক্তি নহলে মানিবলৈ টান পাইছিল ,
‌কি কিয় কেনেকৈ সকলো উত্তৰ বিচাৰি তেওঁ নিজা মনোজগতত ঘুৰি ফুৰিছিল । এই কথা বোৰৰ বাবে তেওঁৰ শিক্ষক সকলে এডিচনৰ মাকলৈ চিঠি লিখি জনালে যে তেওঁলোকে আৰু এডিচনক শিক্ষা দিব নোৱাৰে  । কথাবোৰ এডিচনৰ মাকেও গমি পিতি চালে আৰু শেষত  এডিচনক ঘৰতে পঢ়ুৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এডিচনৰ মাকো এগৰাকী শিক্ষয়িত্ৰী আছিল । তেওঁ বুজি উঠিছিল যে এডিচনৰ দৰে ব্যতিক্ৰমী মন এটাক সকলোৱে চম্ভালিব নোৱাৰে , এই প্ৰতিভা ধৰক এটা সঠিক দিক্ দৰ্শনৰ খুউব প্ৰয়োজন । সেয়ে মাকে ঘৰতেই পুতেকক সকলো বোৰ কিতাপ যোগাৰ দি মুকলি মনেৰে শিক্ষা লোৱাৰ ব্যৱস্থা কৰি দিয়ে ।  এই ধৰণৰ শিক্ষাৰে  উদজীৱিত হৈ  এডিচনে ইয়াৰ পাছত ন ন সৃষ্টি কৰি যাব ধৰিলে । 

তেওঁ পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান আদিৰ দৰে  জটিল কিতাপ বোৰ নিজৰ যুক্তি বিশ্লেষণ মতে পঢ়ি বুজি পাছলৈ ইয়াৰ ব্যৱহাৰিক প্ৰয়োগৰ দিশত কাম কৰে ।

এডিচনৰ কৰ্ম জীৱন মসৃন নাছিল ।   প্ৰথম অৱস্থাত তেওঁ ট্ৰেইনত বাতৰি কাকত আৰু খাদ্যৰ বস্তু আদিও বিক্ৰী কৰিব  লগীয়া হৈছিল  গৱেষণাৰ বাবে প্ৰয়োজন হোৱা অৰ্থ আহৰণৰ বাবে । পাছলৈ তেওঁ টেলিগ্ৰাফ অপাৰেটৰ হিচাপেও কাম কৰিছিল   ।

এই এডিচন আছিল কিন্তু  এজন প্ৰচুৰ আশা বাদী মানুহ । তেওঁ সকলো বস্তুৰে ভাল দিশ টোহে দেখিছিল । লগতে প্ৰচুৰ কৰ্মদক্ষ আৰু অধ্যবসায়ী গুণে তেওঁক সফল হোৱাত সহায় কৰিছিল । তেওঁ বহুত সময়লৈকে টোপনি নমৰাকৈ কাম কৰাৰো  উদাহৰণ পোৱা যায় ।

২৪ বছৰ বয়সত  এডিচনে তেওঁৰে কাৰখানাত কাম কৰা এগৰাকী কৰ্মচাৰী মেৰি ষ্টিলৱেলক বিয়া কৰাই  ।
আমোদজনক  ভাবে স্বভাৱজাত প্ৰবৃত্তিৰে কামত মগ্ন এডিচনক বিয়াৰ দিনা ৰাতিও সহ কৰ্মীয়ে ঘৰলৈ যাবলৈ সোঁৱৰাই দিব লগীয়া হৈছিল যে আজি তেওঁ বিয়া কৰাইছে ।

তেওঁ কিমান ধৈৰ্য শীল তাৰ উদাহৰণ এই ঘটনাটোৰ পৰাই অনুধাৱন কৰিব পাৰি , তেওঁৰ জীৱনৰ শেষৰ ফালে
এদিনৰ ঘটনা এডিচন তেতিয়া তেওঁৰ সৃষ্টি ৰাজিৰে সম্পত্তি শালী হৈ পৰিছিল আৰু তেওঁৰ  গৱেষণাগাৰ টোও ভালকৈ নিৰ্মাণ কৰিছিল  । এদিন কিবা এটা বিজুতি ঘটি তেওঁ গৱেষণা কৰা  তাৰে কাৰখানা এটাত হঠাৎ  অগ্নিপাত হয় ।  ক্ষন্তেকতে প্ৰচণ্ড জুইয়ে চৌপাশ আগুৰি ধৰে আৰু জুই বহুত ওপৰলৈ জ্বলি উঠে । সকলো সেইসময়ত ভয় আৰু দুখত  ভাগি পৰাৰ সময়তে আচৰিত ভাবে  ব্যতিক্ৰমী এডিচনে পুতেকক কাষলৈ নি  কলে , "ইমান ভয়ংকৰ জুই আৰু ভৱিষ্যতে  খুউব সোনকালে দেখা পোৱাৰ আশা নাই , তুমি মাৰাক মাতি আনা যোৱা , জুই শেষ হোৱাৰ আগতে এই দৃশ্য তেওঁও উপভোগ কৰি লওক ...!! " এইবুলি তেওঁ পুতেকক  নিজৰ পত্নীক মাতি আনিবলৈ পঠিয়াই দিয়ে । এনে বিপৰ্যয়ৰ সময়তো তেওঁৰ হেৰুৱাৰ চিন্তা নাছিল ।

প্ৰচুৰ আশাবাদী এই বিখ্যাত বিজ্ঞানী জনৰ ৮৪ বছৰ বয়সত মৃত্যু হয় । জীৱিত কালতেই তেওঁ এজন কিংবদন্তীত পৰিণত হৈ পৰা  মনিষী জনে  সদায়েই কৈছিল "প্ৰতিভাৰ ১ শতাংশ হে অনুপ্ৰেৰণা  বাকী ৯৯ শতাংশই হ'ল নেৰা নেপেৰা পৰিশ্ৰম আৰু প্ৰচেষ্টা । "

প্ৰাণজিৎ বৰুৱা
৭০০২৯০৪১৩১
সহ: শিক্ষক
( বগী নদী পি জি আৰ প্ৰাথমিক বিদ্যালয় )


No comments :

Post a Comment