Wednesday, August 2, 2017

সমালোচনা , আত্মসমলোচনা আৰু সমাজ ...

সমালোচনা , আত্মসমলোচনা আৰু সমাজ ...

আমাৰ জীৱনত সমালোচনাৰ প্ৰভাৱ, প্ৰয়োজন ইত্যাদিৰ ওপৰত আলোকপাত কৰাৰ আৰম্ভণিতেই কৈ লব বিচাৰিছো

"সমালোচনাৰ প্ৰয়োজন আছে ... !
কিন্তু কেৱল সমালোচনাকে জীৱনৰ মুল লক্ষ্য বুলি ভাবিলে  নাই সমালোচক জন সুখী হব পাৰিব নাই অন্য লোক সকল শান্তিত থাকিব পাৰিব...!"

কৰবাত পাইছিলো পৃথিৱীৰ
আটাইতকৈ সহজ কাম আনক সমালোচনা কৰা আৰু আটাইতকৈ টান কাম নিজক সংশোধন কৰা । প্ৰায়
১০০% শুদ্ধ কথা ।
দিনক দিনে আমি কব নোৱাৰা�কৈয়ে যেন এই সহজ কামটো কৰাত পাৰ্গত হৈ পৰিছো  অথচ নিজে কি তাক ভাবিবলৈ অলপো সময় নাই ।
...
ঘৰৰ ওচৰৰ ৰাস্তাটো বোকা পানীৰে কৰ্দযময় হৈ আছে আমি ওলাওঁতে সোমাওঁতে বোকা গছকি গছকি ভুৰ ভুৰাই গৈছো...
-- "কাৰো খবৰ নাই অলপো তাত মাটি অলপ দিবলৈ;
অলপ নলাটো খান্দিবলৈ ..."

কিন্ত্ত নিজে কৰাৰ কথা এবাৰো ভৱা নাই !

টাউনলৈ ওলাই গৈছো এনেতে গাড়ী এখনে খুন্দিয়াই থৈ যোৱা মানুহ জনক লৈ সকলোৱে দুখ প্ৰকাশ কৰিছো খুন্দিওৱা গাড়ীখন পলাই যোৱাৰ বাবে ...
সকলোৱে উস আহ কৰিছো !
কিন্তু আপোনাৰ নিজা গাড়ীখনত উঠাই তেওঁক ওচৰৰ হস্পিতাল খনলৈ নিয়াৰ  আপোনাৰ দায়িত্বত নপৰে ..!
তেওঁ আপোনাৰ চিনাকি নহয়,
আপোনাৰ হাতত সময় নাই ইত্যাদি  নানা অজুহাত ওলাব ।

কিন্তু প্ৰায়ে  আপুনিয়েই উচ্চ স্বৰত ভাষণ দিয়ে আজিকালি মানবীয়তা বোলা বস্তুটো পাবলৈয়ে নাই ...!

এইয়া মাত্ৰ দুটা উদাহৰণহে...

আমাৰ দৈনন্দিন জীৱনত আমি এনেকুৱা সমালোচকৰ ভূমিকা কিমান বাৰ গ্ৰহণ কৰো তাৰ কোনো লেখ জোখ নাই ।
আৰু হিচাপ ৰখাৰ প্ৰয়োজন বোধো নকৰো হয়তো ...!

এইখিনিতে উনুকিয়াই থৈছো
সমালোচনাৰ প্ৰয়োজন আমাৰ জীৱনত একেবাৰেই নাই এইবুলি মই কব বিচৰা নাই । সমালোচনাৰ অবিহনে একোখন সমাজৰ কেতিয়াও উন্নতি হব নোৱাৰে সেইয়া ধুৰুপ । 
লগতে ব্যক্তিৰ উন্নতিতো সমালোচনাৰ ধনাত্মক প্ৰভাৱ পৰা
প্ৰায় ক্ষেত্ৰতে দেখা যায় ।

কিন্ত্ত সমালোচনা কৰাটো যেতিয়া এক মানুহৰ প্ৰবৃত্তি বা এক নিচাত ৰূপান্তৰিত হৈ পৰিবলৈ লয় তেতিয়াই ই অধিক ক্ষতি কৰা দেখা যায় নিজৰ লগতে আনৰো ।

সাম্প্ৰতিক সময়ত আমি  প্ৰতিজন  একো একোজন ইমানেই বিদগ্ধ সমালোচকলৈ ৰূপান্তৰিত হৈ পৰিছো যে কৰবাত যদিও কিবা এটা সঁচাকৈয়ে ভাল কামো হৈছে ,
কিন্তু আমি তাৰ ঋনাত্মক দিশটোহে প্ৰথম বিচাৰি লওঁ ।
এইয়া যেন পৰিৱেশৰে প্ৰভাৱ ।
আমি প্ৰায়বোৰ ইমানেই হতাশ হৈ পৰিছো যে আনৰ দোষ খুচৰিহে যেন নিজৰ সফলতা চিনিব পাৰিছো ।

কাম এটা
নিজে কৰিব পাৰো নোৱাৰোঁ সেয়া পিছৰ কথা
কিন্তু সি যে পৰা নাই ,
সেইটো বিচাৰি উলিয়াই তেওঁক বিদ্ৰূপ কৰা কামটো কিন্ত্ত ঠিকেই কৰি আছো ,
তেওঁক উৎসাহ যোগোৱাতো দুৰৈৰ কথা ।

আছলতে আমাৰ এনে চিন্তাবোৰৰ ফলত সকলোতকৈ বেছি নিজৰেই  ক্ষতি হৈ আছে আমি নজনাকৈয়ে ।
আমি যিমানেই আনৰ কথা পাতোঁ ,বেয়াটোকে প্ৰাধান্য দিওঁ ,
সিমানেই নিজে নৈৰাশ্য বাদী ,
হতাশগ্ৰস্ততাৰ চিকাৰ হৈ পৰো ...
অপ্ৰিয় হলেও সত্য !

মুঠৰ ওপৰত এনোবোৰ কুটিল মনোভাৱ পৰিত্যাগ কৰি,
নিজৰ লগতে সকলোৰে মংগল চিন্তা কৰাটোহে একোজন সুস্থ ব্যক্তিৰ
লক্ষ্য হব লাগে  নিশ্চয় ।

সুস্থ চিন্তা ,
সুস্থ বাতাবৰণ
এটাতহে এখন সুস্থ সমাজে থন
ধৰি উঠিব পাৰে ।

আৰু এই বাতাবৰণ সৃষ্টি কৰাত নিশ্চয়  আমিয়েই প্ৰধান অৰিহণা যোগাব লাগিব
আত্ম সমালোচনা ,
সুস্থ গঠন মুলক আলোচনা
আদিৰ দ্বাৰা ...

আনৰ দোষ খুচৰি ফুৰি কৰা
তুলুঙা আলোচনা বোৰৰ দ্বাৰা নহয় ...!

সমালোচনাৰ প্ৰভাৱত যিদৰে একো একোটা মহৎ সৃষ্টি হব পাৰে বা বহুতো ভুলৰ সংশোধন হব পাৰে,
সেইদৰেই অত্যাধিক সমালোচনাৰ জুইয়ে কাৰোবাক দহি একোটা উজ্জ্বল ভৱিষ্যত কলিতেই মৰহাই পেলাবও পাৰে ...!
সেইয়েহে এই বিষয়টোৰ ওপৰত সাৱধান হোৱা অতি প্ৰয়োজনীয় ...।

আহক চোন একোজন
সমালোচক হোৱাৰ আগেয়েই
প্ৰত্যেকেই আমি একো একোটা পণ লওঁ ...
মানুহ হোৱাৰ !

  আহকচোন পাৰো যদি  আমি এনেকৈ ভাবিবলৈ আৰম্ভ কৰোঁহক
"যদিওঁ নিজে কেতিয়াবা  অসফল হৈছো কিন্তু সেইবুলি  আনৰ সফলতাত আমি যেন কেতিয়াও ঈৰ্ষান্বিত হৈ নপৰো,

নিজে যদি একো ভাল  কামো  কৰিব পৰা নাই তেন্তে আনৰ বেয়া
হোৱা কামো  কেতিয়াও  নকৰোঁ... "

আনক কিবা কোৱাৰ  আগতে নিজক এবাৰ  সুধি চাওঁ ,
"এইদৰে মোক কোৱা
হলে মোৰ কেনে লাগিল হয় ...!
তেওঁৰ ঠাইত মই হোৱা হলে কৰিব পাৰিলোঁহেতেনন সফল ভাবে
সকলোবোৰ ....!!"

সঁচাকৈয়ে এনে এটি চিন্তাৰে যদি আমি আগবাঢ়ো তেন্তে ,
এই সুন্দৰ পৃথিৱীখন আৰু চাগে কিমান
সুন্দৰ হৈ পৰিব নহয়নে ?
এবাৰ ভাবকচোন আপুনিও ...!

--প্ৰাণজিৎ বৰুৱা
২ আগষ্ট  ২০১৪


1 comment :