Thursday, August 10, 2017

এডিচনৰ ধৈৰ্য ...

মহান বিজ্ঞানীৰ ৰসাল কাহিনী ...

এডিচনৰ ধৈৰ্য ...

আমি সকলোৱে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আৱিষ্কাৰক টমাচ আলভা এডিচন ৰ নাম শুনিছো নিশ্চয় । আৰু নুশুনিমেই বা কিয় যাৰ নামতেই যে আছে আমাৰ জীৱনত প্ৰয়োজনীয় হাজাৰোধিক সামগ্ৰীৰ আৱিষ্কাৰৰ কৃতিত্ব । আমি ব্যৱহাৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত এডিচনৰ উল্লেখযোগ্য তিনিটা আৱিষ্কাৰ আছিল গ্ৰামোফ'ন , বিজুলী বাতি  আৰু গতিশীল ছবি তোলা কেমেৰা । তেওঁৰ  বাকি সৃষ্টি ৰাজি  বোৰৰ ভিতৰত এই কেইটা আছিল তেওঁৰ আটাইতকৈ জনপ্ৰিয় অৱদান মানব জাতিলৈ । এই এডিচনে কিন্তু কোনোদিনে হাইস্কুল বা বিশ্ববিদ্যালয়ৰ দুৱাৰ গচকি পোৱা নাছিল । ইয়াৰ কাৰণ আছিল এডিচনৰ প্ৰচুৰ মেধা আৰু যুক্তি বাদী মনটো । এডিচনক যেতিয়া প্ৰাথমিক বিদ্যালয়ত ভৰ্ত্তি কৰি দিয়া হয় তেতিয়া তেওঁৰ শিক্ষক সকলে  তেওঁক চম্ভালাটো যেন বৰ কষ্ট হৈ পৰিছিল কাৰণ তেওঁ আন ছাত্ৰ বোৰৰ দৰে প্ৰচলিত  সু শৃংখলিত আৰু গতানুগতিক শিক্ষা ব্যৱস্থাৰ প্ৰতি মুঠেই আগ্ৰহী নাছিল । তেওঁৰ মনটো আছিল প্ৰচুৰ অনুসন্ধিৎসু , সকলো কথা যুক্তি নহলে মানিবলৈ টান পাইছিল ,
‌কি কিয় কেনেকৈ সকলো উত্তৰ বিচাৰি তেওঁ নিজা মনোজগতত ঘুৰি ফুৰিছিল । এই কথা বোৰৰ বাবে তেওঁৰ শিক্ষক সকলে এডিচনৰ মাকলৈ চিঠি লিখি জনালে যে তেওঁলোকে আৰু এডিচনক শিক্ষা দিব নোৱাৰে  । কথাবোৰ এডিচনৰ মাকেও গমি পিতি চালে আৰু শেষত  এডিচনক ঘৰতে পঢ়ুৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এডিচনৰ মাকো এগৰাকী শিক্ষয়িত্ৰী আছিল । তেওঁ বুজি উঠিছিল যে এডিচনৰ দৰে ব্যতিক্ৰমী মন এটাক সকলোৱে চম্ভালিব নোৱাৰে , এই প্ৰতিভা ধৰক এটা সঠিক দিক্ দৰ্শনৰ খুউব প্ৰয়োজন । সেয়ে মাকে ঘৰতেই পুতেকক সকলো বোৰ কিতাপ যোগাৰ দি মুকলি মনেৰে শিক্ষা লোৱাৰ ব্যৱস্থা কৰি দিয়ে ।  এই ধৰণৰ শিক্ষাৰে  উদজীৱিত হৈ  এডিচনে ইয়াৰ পাছত ন ন সৃষ্টি কৰি যাব ধৰিলে । 

তেওঁ পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান আদিৰ দৰে  জটিল কিতাপ বোৰ নিজৰ যুক্তি বিশ্লেষণ মতে পঢ়ি বুজি পাছলৈ ইয়াৰ ব্যৱহাৰিক প্ৰয়োগৰ দিশত কাম কৰে ।

এডিচনৰ কৰ্ম জীৱন মসৃন নাছিল ।   প্ৰথম অৱস্থাত তেওঁ ট্ৰেইনত বাতৰি কাকত আৰু খাদ্যৰ বস্তু আদিও বিক্ৰী কৰিব  লগীয়া হৈছিল  গৱেষণাৰ বাবে প্ৰয়োজন হোৱা অৰ্থ আহৰণৰ বাবে । পাছলৈ তেওঁ টেলিগ্ৰাফ অপাৰেটৰ হিচাপেও কাম কৰিছিল   ।

এই এডিচন আছিল কিন্তু  এজন প্ৰচুৰ আশা বাদী মানুহ । তেওঁ সকলো বস্তুৰে ভাল দিশ টোহে দেখিছিল । লগতে প্ৰচুৰ কৰ্মদক্ষ আৰু অধ্যবসায়ী গুণে তেওঁক সফল হোৱাত সহায় কৰিছিল । তেওঁ বহুত সময়লৈকে টোপনি নমৰাকৈ কাম কৰাৰো  উদাহৰণ পোৱা যায় ।

২৪ বছৰ বয়সত  এডিচনে তেওঁৰে কাৰখানাত কাম কৰা এগৰাকী কৰ্মচাৰী মেৰি ষ্টিলৱেলক বিয়া কৰাই  ।
আমোদজনক  ভাবে স্বভাৱজাত প্ৰবৃত্তিৰে কামত মগ্ন এডিচনক বিয়াৰ দিনা ৰাতিও সহ কৰ্মীয়ে ঘৰলৈ যাবলৈ সোঁৱৰাই দিব লগীয়া হৈছিল যে আজি তেওঁ বিয়া কৰাইছে ।

তেওঁ কিমান ধৈৰ্য শীল তাৰ উদাহৰণ এই ঘটনাটোৰ পৰাই অনুধাৱন কৰিব পাৰি , তেওঁৰ জীৱনৰ শেষৰ ফালে
এদিনৰ ঘটনা এডিচন তেতিয়া তেওঁৰ সৃষ্টি ৰাজিৰে সম্পত্তি শালী হৈ পৰিছিল আৰু তেওঁৰ  গৱেষণাগাৰ টোও ভালকৈ নিৰ্মাণ কৰিছিল  । এদিন কিবা এটা বিজুতি ঘটি তেওঁ গৱেষণা কৰা  তাৰে কাৰখানা এটাত হঠাৎ  অগ্নিপাত হয় ।  ক্ষন্তেকতে প্ৰচণ্ড জুইয়ে চৌপাশ আগুৰি ধৰে আৰু জুই বহুত ওপৰলৈ জ্বলি উঠে । সকলো সেইসময়ত ভয় আৰু দুখত  ভাগি পৰাৰ সময়তে আচৰিত ভাবে  ব্যতিক্ৰমী এডিচনে পুতেকক কাষলৈ নি  কলে , "ইমান ভয়ংকৰ জুই আৰু ভৱিষ্যতে  খুউব সোনকালে দেখা পোৱাৰ আশা নাই , তুমি মাৰাক মাতি আনা যোৱা , জুই শেষ হোৱাৰ আগতে এই দৃশ্য তেওঁও উপভোগ কৰি লওক ...!! " এইবুলি তেওঁ পুতেকক  নিজৰ পত্নীক মাতি আনিবলৈ পঠিয়াই দিয়ে । এনে বিপৰ্যয়ৰ সময়তো তেওঁৰ হেৰুৱাৰ চিন্তা নাছিল ।

প্ৰচুৰ আশাবাদী এই বিখ্যাত বিজ্ঞানী জনৰ ৮৪ বছৰ বয়সত মৃত্যু হয় । জীৱিত কালতেই তেওঁ এজন কিংবদন্তীত পৰিণত হৈ পৰা  মনিষী জনে  সদায়েই কৈছিল "প্ৰতিভাৰ ১ শতাংশ হে অনুপ্ৰেৰণা  বাকী ৯৯ শতাংশই হ'ল নেৰা নেপেৰা পৰিশ্ৰম আৰু প্ৰচেষ্টা । "

প্ৰাণজিৎ বৰুৱা
৭০০২৯০৪১৩১
সহ: শিক্ষক
( বগী নদী পি জি আৰ প্ৰাথমিক বিদ্যালয় )


Wednesday, August 2, 2017

সমালোচনা , আত্মসমলোচনা আৰু সমাজ ...

সমালোচনা , আত্মসমলোচনা আৰু সমাজ ...

আমাৰ জীৱনত সমালোচনাৰ প্ৰভাৱ, প্ৰয়োজন ইত্যাদিৰ ওপৰত আলোকপাত কৰাৰ আৰম্ভণিতেই কৈ লব বিচাৰিছো

"সমালোচনাৰ প্ৰয়োজন আছে ... !
কিন্তু কেৱল সমালোচনাকে জীৱনৰ মুল লক্ষ্য বুলি ভাবিলে  নাই সমালোচক জন সুখী হব পাৰিব নাই অন্য লোক সকল শান্তিত থাকিব পাৰিব...!"

কৰবাত পাইছিলো পৃথিৱীৰ
আটাইতকৈ সহজ কাম আনক সমালোচনা কৰা আৰু আটাইতকৈ টান কাম নিজক সংশোধন কৰা । প্ৰায়
১০০% শুদ্ধ কথা ।
দিনক দিনে আমি কব নোৱাৰা�কৈয়ে যেন এই সহজ কামটো কৰাত পাৰ্গত হৈ পৰিছো  অথচ নিজে কি তাক ভাবিবলৈ অলপো সময় নাই ।
...
ঘৰৰ ওচৰৰ ৰাস্তাটো বোকা পানীৰে কৰ্দযময় হৈ আছে আমি ওলাওঁতে সোমাওঁতে বোকা গছকি গছকি ভুৰ ভুৰাই গৈছো...
-- "কাৰো খবৰ নাই অলপো তাত মাটি অলপ দিবলৈ;
অলপ নলাটো খান্দিবলৈ ..."

কিন্ত্ত নিজে কৰাৰ কথা এবাৰো ভৱা নাই !

টাউনলৈ ওলাই গৈছো এনেতে গাড়ী এখনে খুন্দিয়াই থৈ যোৱা মানুহ জনক লৈ সকলোৱে দুখ প্ৰকাশ কৰিছো খুন্দিওৱা গাড়ীখন পলাই যোৱাৰ বাবে ...
সকলোৱে উস আহ কৰিছো !
কিন্তু আপোনাৰ নিজা গাড়ীখনত উঠাই তেওঁক ওচৰৰ হস্পিতাল খনলৈ নিয়াৰ  আপোনাৰ দায়িত্বত নপৰে ..!
তেওঁ আপোনাৰ চিনাকি নহয়,
আপোনাৰ হাতত সময় নাই ইত্যাদি  নানা অজুহাত ওলাব ।

কিন্তু প্ৰায়ে  আপুনিয়েই উচ্চ স্বৰত ভাষণ দিয়ে আজিকালি মানবীয়তা বোলা বস্তুটো পাবলৈয়ে নাই ...!

এইয়া মাত্ৰ দুটা উদাহৰণহে...

আমাৰ দৈনন্দিন জীৱনত আমি এনেকুৱা সমালোচকৰ ভূমিকা কিমান বাৰ গ্ৰহণ কৰো তাৰ কোনো লেখ জোখ নাই ।
আৰু হিচাপ ৰখাৰ প্ৰয়োজন বোধো নকৰো হয়তো ...!

এইখিনিতে উনুকিয়াই থৈছো
সমালোচনাৰ প্ৰয়োজন আমাৰ জীৱনত একেবাৰেই নাই এইবুলি মই কব বিচৰা নাই । সমালোচনাৰ অবিহনে একোখন সমাজৰ কেতিয়াও উন্নতি হব নোৱাৰে সেইয়া ধুৰুপ । 
লগতে ব্যক্তিৰ উন্নতিতো সমালোচনাৰ ধনাত্মক প্ৰভাৱ পৰা
প্ৰায় ক্ষেত্ৰতে দেখা যায় ।

কিন্ত্ত সমালোচনা কৰাটো যেতিয়া এক মানুহৰ প্ৰবৃত্তি বা এক নিচাত ৰূপান্তৰিত হৈ পৰিবলৈ লয় তেতিয়াই ই অধিক ক্ষতি কৰা দেখা যায় নিজৰ লগতে আনৰো ।

সাম্প্ৰতিক সময়ত আমি  প্ৰতিজন  একো একোজন ইমানেই বিদগ্ধ সমালোচকলৈ ৰূপান্তৰিত হৈ পৰিছো যে কৰবাত যদিও কিবা এটা সঁচাকৈয়ে ভাল কামো হৈছে ,
কিন্তু আমি তাৰ ঋনাত্মক দিশটোহে প্ৰথম বিচাৰি লওঁ ।
এইয়া যেন পৰিৱেশৰে প্ৰভাৱ ।
আমি প্ৰায়বোৰ ইমানেই হতাশ হৈ পৰিছো যে আনৰ দোষ খুচৰিহে যেন নিজৰ সফলতা চিনিব পাৰিছো ।

কাম এটা
নিজে কৰিব পাৰো নোৱাৰোঁ সেয়া পিছৰ কথা
কিন্তু সি যে পৰা নাই ,
সেইটো বিচাৰি উলিয়াই তেওঁক বিদ্ৰূপ কৰা কামটো কিন্ত্ত ঠিকেই কৰি আছো ,
তেওঁক উৎসাহ যোগোৱাতো দুৰৈৰ কথা ।

আছলতে আমাৰ এনে চিন্তাবোৰৰ ফলত সকলোতকৈ বেছি নিজৰেই  ক্ষতি হৈ আছে আমি নজনাকৈয়ে ।
আমি যিমানেই আনৰ কথা পাতোঁ ,বেয়াটোকে প্ৰাধান্য দিওঁ ,
সিমানেই নিজে নৈৰাশ্য বাদী ,
হতাশগ্ৰস্ততাৰ চিকাৰ হৈ পৰো ...
অপ্ৰিয় হলেও সত্য !

মুঠৰ ওপৰত এনোবোৰ কুটিল মনোভাৱ পৰিত্যাগ কৰি,
নিজৰ লগতে সকলোৰে মংগল চিন্তা কৰাটোহে একোজন সুস্থ ব্যক্তিৰ
লক্ষ্য হব লাগে  নিশ্চয় ।

সুস্থ চিন্তা ,
সুস্থ বাতাবৰণ
এটাতহে এখন সুস্থ সমাজে থন
ধৰি উঠিব পাৰে ।

আৰু এই বাতাবৰণ সৃষ্টি কৰাত নিশ্চয়  আমিয়েই প্ৰধান অৰিহণা যোগাব লাগিব
আত্ম সমালোচনা ,
সুস্থ গঠন মুলক আলোচনা
আদিৰ দ্বাৰা ...

আনৰ দোষ খুচৰি ফুৰি কৰা
তুলুঙা আলোচনা বোৰৰ দ্বাৰা নহয় ...!

সমালোচনাৰ প্ৰভাৱত যিদৰে একো একোটা মহৎ সৃষ্টি হব পাৰে বা বহুতো ভুলৰ সংশোধন হব পাৰে,
সেইদৰেই অত্যাধিক সমালোচনাৰ জুইয়ে কাৰোবাক দহি একোটা উজ্জ্বল ভৱিষ্যত কলিতেই মৰহাই পেলাবও পাৰে ...!
সেইয়েহে এই বিষয়টোৰ ওপৰত সাৱধান হোৱা অতি প্ৰয়োজনীয় ...।

আহক চোন একোজন
সমালোচক হোৱাৰ আগেয়েই
প্ৰত্যেকেই আমি একো একোটা পণ লওঁ ...
মানুহ হোৱাৰ !

  আহকচোন পাৰো যদি  আমি এনেকৈ ভাবিবলৈ আৰম্ভ কৰোঁহক
"যদিওঁ নিজে কেতিয়াবা  অসফল হৈছো কিন্তু সেইবুলি  আনৰ সফলতাত আমি যেন কেতিয়াও ঈৰ্ষান্বিত হৈ নপৰো,

নিজে যদি একো ভাল  কামো  কৰিব পৰা নাই তেন্তে আনৰ বেয়া
হোৱা কামো  কেতিয়াও  নকৰোঁ... "

আনক কিবা কোৱাৰ  আগতে নিজক এবাৰ  সুধি চাওঁ ,
"এইদৰে মোক কোৱা
হলে মোৰ কেনে লাগিল হয় ...!
তেওঁৰ ঠাইত মই হোৱা হলে কৰিব পাৰিলোঁহেতেনন সফল ভাবে
সকলোবোৰ ....!!"

সঁচাকৈয়ে এনে এটি চিন্তাৰে যদি আমি আগবাঢ়ো তেন্তে ,
এই সুন্দৰ পৃথিৱীখন আৰু চাগে কিমান
সুন্দৰ হৈ পৰিব নহয়নে ?
এবাৰ ভাবকচোন আপুনিও ...!

--প্ৰাণজিৎ বৰুৱা
২ আগষ্ট  ২০১৪


তোমাৰ সতে...

তোমাৰ সতে...

তোমাৰ সতে যাব খোজো দুপৰীয়া এটাত,
তোমাৰ সতে ওলাই যাওঁ ৰাতিপুৱা এটাত,
কিবা কিবি কথাৰে পাৰ হৈ যায়
আবেলি , সন্ধিয়া , গধূলি ,
হাতত হাত ধৰি যাব খোজো ভাল লগা জীৱনৰ বাট এটাত ...

তোমাৰ সতে যত যি মান অভিমান ,
তোমাৰ সতেই এৰাব নোৱাৰা টান,
তোমাৰ সতেই দুষ্টালি বোৰ,
তোমাৰ সতেই খৰছৰ জোৰা টাপলি বোৰ,
তোমাৰ সতেই  সমবেত সেই বিষাদৰ বেসুৰীয়া গান ।

তোমাৰ সতে দেওবাৰৰ আড্ডা জমি উঠে ,
তোমাৰ সতে ওঁঠত  কিবা কিবি জ্বলি উঠে,
তোমাৰ সতে টেবুলত ভৰ্ত্তি হৈ পৰে
এটা দুটাকৈ নিষিদ্ধ বস্তু বোৰ,

তোমাৰ সতে সন্ধিয়া বোৰত
লাজ পাই  যায়
লয়লাস খোজ দিয়া ছোৱালীবোৰ,
তোমাৰ সতে ক্লাছ বোৰত,
হেৰাই যায় কৰবাতেই
ছাৰ সকলৰ
সেই চিৰিয়াছ নোটবোৰ...

তোমাৰ সতে তোমাৰ সতে,
আওৰোৱা জীৱন সম্পৰ্কৰ লজিক বোৰ
তোমাৰ সতে তোমাৰ সতে
সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণাৰ পণ বোৰ,

তোমাৰ সতে তোমাৰ সতে
কি যে এই  সম্পৰ্ক ...
বুজোৱাটো কিবা টান...
তথাপি
এই মিঠা সম্বন্ধ বন্ধুত্ব তোমাক চালাম...

মানি লবই লাগিব
তোমাৰ সতে  তোমাৰ দৰেই
এনে বন্ধুত্ব পৃথিৱীৰ শ্ৰেষ্ঠতম দান...!

(বন্ধুত্ব দিৱসৰ এই  মধুৰ দিনটোত মোৰ সকলো প্ৰিয় বন্ধু বান্ধৱীলৈ উৎসৰ্গা কৰিলো...)

Happy Friendship Day (y)
২ আগষ্ট ২০১৫
দেওবাৰ ।