Thursday, June 30, 2016

ভাল লগা মুহূৰ্ত এটাত...

ভাল লগা মুহূৰ্ত এটাত...
নন ষ্টপ ৰোমাণ্টিক মেলডি কেইটামান শুনি শুনি কটাই দিব খোজোঁ ।

ভাল লগা মুহূৰ্ত এটাত ,
একুৰা জুইৰ কাষত কথা পাতি সাধু শুনি কটাই দিব খোজোঁ...

ভাল লগা মুহূৰ্ত এটাত,
ভাল লগা মানুহ গৰাকীৰ সতে অনৰ্গল অনৰ্থক কথা কিছুমান পাতি কটাই দিব খোজোঁ...

ভাল লগা মুহূৰ্ত এটা শেৱালী শেৱালী গোন্ধ
এটা লৈ টোপনি যাব খোজোঁ...

ভাল লগা মুহূৰ্ত এটা
ভাল লাগি যোৱাকৈ ,

গোটেই বছৰটি
মনত থাকি যোৱাকৈ

নষ্টালজিয়াৰ কোলাত ঢলি পৰাকৈ কটাই দিব খোজোঁ,

জীৱন তোমাক কিমান যাপন কৰিম ,
এবাৰ হিয়া উজাৰি  উদযাপন কৰি চাব খোজোঁ ...

প্ৰাণজিৎ বৰুৱা
৭ /১২/১৫


শীত নামিছে সকলোৰে মনত ...

( যোৱা বছৰৰ আজিৰ দিনটোত লিখা )

শীত নামিছে সকলোৰে  মনত ...

শীত নামিছে চহৰ খনত...
শীত নামিছে গাঁও খনত...

শীত নামিছে ফটা কঠাৰ ভাজত,
শীত নামিছে এৰিস্ট্ৰকেট
সাজত ।

শীত নামিছে ভদকা অ চিৰ গ্লাছত,
শীত আহিছে চাই আপুংৰ মাজত...!!

শীতক আদৰিছে  ৰুম হিটাৰে,
শীতক সাদৰিছে জুহালৰ তেজাল অঙঠাৰে  ।

শীত নামিছে কুঁৱলীৰ লহৰে লহৰে,
শীতক আদৰিছে  সুকুমল ৰ'দকনে  প্ৰতি প্ৰহৰে প্ৰহৰে ।

শীতৰ আঙুলিত ধৰি সৰিয়হৰ হালধীয়া হাঁহি,
শীতৰ বুকুচাত উঠি উৰে এজাক বালিমাহী ।

শীতৰ আগত ফটা চোলা পিন্ধোতাৰ অভিমান,
শীতৰ নিচাত  নিচাগ্ৰস্ত হৈ
পুমা লিভাইছ পৰিহিতাৰ স্বাভিমান ।

শীতে আনন্দ আনে,
শীতে বিষাদো সানে ...
শীতে হাঁহে ,কান্দে ,
গায় জীৱনৰ গান,
লগতে
শীতৰো  আছে বহু মান অভিমান...

শীতক যে তথাপিও ভাল লাগে,

উষ্ণ চাহৰ চুমুক,
পুৱাৰ হেঙুলীয়া বেলি,
আঘোণৰ পথাৰৰ ৰবাব টেঙাৰ জুতি...

আস !!
আটাইবোৰ
আটাইবোৰেই
যেন শীতক বাৰে বাৰে
কাষলৈকে
মাতে,

শীত নামিছে চহৰ খনত...
শীত নামিছে গাঁও খনত...

পিছে
শীতে গাওঁ চহৰ নিচিনে,
শীতে ৰোপন কৰে ভাল লগাৰ বীজ
প্ৰতিটো ক্ষণত  ....!

শীত নামিছে
পাহাৰখনত,
নদীখনত,
হাবি বনত ...

শীত  যেন
নামিছে সকলোৰে মনত !!

--প্ৰাণজিৎ বৰুৱা
৯ ডিচেম্বৰ ২০১৪


স্পাইছ জেটৰ ৰেড চিলি হট মনিপুৰি পুতলা জনী .

স্পাইছ জেটৰ ৰেড চিলি হট মনিপুৰি পুতলা জনী ...

বহুতে কোৱা শুনো
উৰাজাহাজত ভ্ৰমণ কৰিলে চাবলগীয়া বিশেষ বস্তুটোৱেই হেনো এয়াৰ হোস্তেজ বোৰ...

মোৰো এটা দুৰন্ত হেঁপাহ আছিল আকাশত উৰাৰ,
সেই ধুনীয়া এয়াৰ  হোস্তেজৰ সতে কিছু কথা পতাৰ,

ভাবি থকা কথাবোৰ সঁচা হলে কেনে লাগে বাৰু,
মোৰ কিন্তু কিবা এটা সপোন সপোনেই লাগে...

...এই ধৰক
প্ৰথম সোমাইছো স্পাইছ জেটত ,
এনে লাগি গল কেনেবাকৈ   যেন
বিশেষ মানুহ হৈ পৰিছো,
সকলো ফালেই ব্যস্ততা সকলোৱেই শৃংখলা বদ্ধ,
এখন নম্ৰ  ভদ্ৰ পৃথিৱী ...

থাকক সকলোবোৰ থাকক,
পিছে মোক অলপ বিপাঙত পেলাই গল সেই বগা পুতলা পুতলা লগা মনিপুৰী ছোৱালী জনীয়েহে  ,

চেহ
কি নাম আছিল সোধাই নহল ,
ইমান ব্যস্তনো কিয় আছিল পাই,
এটি হাঁহিৰেই যে  কলিজাত বিষ  উঠাই  ...

নাই নাই কবলৈ লাজ লগা নাই ,
মোৰ যে  এতিয়াও

তেওঁ কাষলৈ আহিলেই ,
ৰাই জাই কৰা
সেই মিঠা চুইংগাম চুইংগাম গোন্ধটো নাকৰ পৰা আঁতৰাই   নাই...

কি যে
এতিয়াটো
প্ৰায় তিনি ঘন্টা  উনচল্লিশ মিনিটেই হল ,

তথাপিও
মনত ইমান  আমনি ,
দুচকুৰ সেই ভাল লগা

কি তেজাল চাৱনি ...

আস কিয় যে ইমান শুৱনি ,

স্পাইছ জেটৰ সেই ৰেড চিলি হট মনিপুৰী পুতলা জনী ...!!

প্ৰাণজিৎ বৰুৱা
১১/১২/১৫
কলিকতা ।