Wednesday, November 29, 2017

কথা কোৱাৰ আৰ্ট...

কথা কোৱাৰ আৰ্ট...

কথা কোৱাৰ এটা আৰ্ট থাকে...

এই শুনিলে শুনি থাকোঁ যেন লগা,

কৈ থাকিলে

মন শাত পৰি যোৱা...

এটা আৰ্ট...!!

কিন্তু মন কৰিবলগীয়া
ভাৱে

কিছুমান কথাত
কাৰোবাৰ কথাত

এনেকুৱা  বিশেষ টান এটা থাকে...

যাৰ বাবে
সহজ সৰল
কথা কিছুমানে এনেই ভাল লগাই থৈ যায়...

দৰাচলতে

কথা কোৱাৰ এই বিশেষ আৰ্ট নোহোৱাকৈও
কথাবোৰ এনে দৰে ভাল লাগিবলৈ হলে...

কাৰোবাক কেতিয়াবা

বুকুত বিন্ধি থৈ যাবই লাগিব

কোনোবাই ...!!!

--প্ৰাণজিৎ বৰুৱা
২৯/ ১১ /২০১৫


Monday, November 27, 2017

প্ৰেমৰ কেইটামান সংলাপ

প্ৰেমৰ কেইটামান সংলাপ ...

(১)

আপুনি তেওঁৰ উশাহত হেৰাই পোৱা নাই,
আপুনি তেওঁৰ অলকা গুচাই পোৱা নাই,

তথাপি  আপুনি হতাশ হোৱা নাই,
আশাত বন্দী !!

যিহেতু তেওঁৱেই  আপোনাৰ সপোনৰ প্ৰিয় নাৰী...!!

(২)

আপুনি কৈ দিলে খঙতে,
আজিৰ পৰা আমাৰ কোনো সম্বন্ধ নাই,

অথচ তেওঁক যে কোনো কাহানিও পাহৰা নাযায়...
কবলৈ বেলেগকৈ  একো নাই ,

  পাহৰিব নোৱাৰা স্মৃতি

একমাত্ৰ ভালপোৱাই হে এনেকৈ দি যায় ।

(৩)

আপুনি সুখী হব পৰা নাই,
অনুগ্ৰহ কৰি এবাৰ প্ৰেমত পৰি চাওক ,

আপুনি কোনোদিনে দুখী হৈ পোৱা নাই,
অনুগ্ৰহ কৰি এবাৰলৈ কাৰো�বাক  ভাল পাওক !!

✍প্ৰাণজিৎ বৰুৱা
২৬/১১/২০১৬


Thursday, November 16, 2017

ভাল কথা

কেইটামান কথা মনত ৰাখিব পাৰিলে লাভ হয়

(১)
আপুনি কামত ব্যস্ত থাকক ,

তেতিয়া হতাশা আপোনাৰ ওচৰত কেতিয়াও ব্যস্ত হব নোৱাৰিব ।

(২)

হাঁহি বৰ মূল্য বান ,

আপোনাৰ এটি হাঁহিৰে আপুনি জগত খন আপোন কৰিব পাৰে । ইয়াতকৈ আৰু কি লাগে...

(৩)

পৃথিৱীত বহুত মানুহ আহিছে , বহুত গুচি গৈছে ,

থৈ গৈছে মাথোঁ স্মৃতি ...

এসময়ত আপুনি কেনেকুৱা স্মৃতিৰ গৰাকী  হব সেয়া এতিয়া আপুনি সমাজত কেনে  ব্যৱহাৰ কৰি আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব  ।

(৪) মানুহ ধনী অথবা দুখীয়া হব পাৰে নিজা ইচ্ছা আৰু চেষ্টাৰ ফলত ... তেনেকৈ মানুহে নম্ৰ , অমায়িক , ভাল লগা চৰিত্ৰৰ হব পাৰে নিজৰ চেষ্টা আৰু সংশোধনৰ জৰিয়তে ।

(৫) আপুনি মন্দিৰ মছজিদ আদিত গৈ দান দিছে ভাল কথা কিন্তু
যদি আপুনি তেনে দানৰ এটি অংশ কোনো অভাৱী  জীৱিত ব্যক্তিৰ বাবে খৰচ কৰিব পাৰে সেইটো আৰু ভাল কথা ।

(৬)
আপুনি কাৰোবাক একো এটা দিব পৰা নাই , হয়তো আপোনাৰ হাতত দিব পৰা একোৱেই নাই । একো নাই । কিন্তু আপুনি  যাতে কাকো আঘাত দি নপঠাই সেয়া মনত ৰাখিব ।

(৭) জিভাৰ পৰা ওলোৱা শব্দ বোৰৰ ব্যৱহাৰ কৰোঁতে এইটো মনত ৰাখিব যাতে ই কাকো ঘুনাক্ষৰেও আঘাত নকৰে । লাগিলে তেওঁ আপোনাক যিমানেই আঘাত নিদিয়ক আপোনাৰ পৰা প্ৰত্যুত্তৰ যদি মৰমৰ হয় তেন্তে তেওঁ নিজেই জ্বলিব অনুতপ্তৰ জুইত ।

✍✍ প্ৰাণজিৎ বৰুৱা
Pranjit Boruah

ভাল কথা সুস্থ চিন্তা  positive thinking (y)